ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৃষক মুক্তিৰ অনশন - অনিদিষ্টকাললৈ

কৰিমগঞ্জত শিক্ষা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি কেইবাটাও সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

KMSS PROTEST AGAINST MINORITY SCHOLARSHIP SCAM
সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৰিমগঞ্জত কৃষক মুক্তিৰ অনশন
author img

By

Published : Aug 10, 2020, 6:21 PM IST

কৰিমগঞ্জ, 10 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ সংহাৰ অব্যাহত থকাৰ সময়তে সোমবাৰে কৰিমগঞ্জ জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি আন কেইবাটাও সংগঠনৰ নেতা কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৰিমগঞ্জত কৃষক মুক্তিৰ অনশন

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত জিলাখনত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ আনকি, কেলেংকাৰীৰ লগত জড়িত ব্যক্তি সকলক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী উখাপন কৰিছে ৷ অন্যথা অনিদিষ্টকাললৈ এই আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, ৰাজ্যজুৰি সংঘটিত হোৱা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত বৰাক উপত্যকাৰ তিনিওখন জিলাতো বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ উখাপন হৈছিল ৷ আনকি, এই কেলেংকাৰীৰ তদন্ত বিচাৰি পৃথকে-পৃথকে জিলাখনত গোচৰ ৰুজু কৰা হৈছিল ৷ গোচৰ ৰুজু হোৱাৰ দীর্ঘদিন অতিবাহিত হোৱাৰ পিচতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত সোমবাৰে কৰিমগঞ্জ শিক্ষা পৰিদৰ্শকৰ কার্যালয়ৰ সম্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি আন কেইবাটাও সংগঠনে ৷

লগতে পঢ়ক : টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.