কৰিমগঞ্জ,14 মাৰ্চঃ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ ৷ ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ এলেকাৰ চিধাই অঞ্চলত 23 বছৰ বয়সৰ এগৰাকী যুৱতী বজাৰলৈ কাপোৰ কিনিবলৈ যোৱৰা পিছতেই তেওঁ সন্ধানহীন হয় ৷ ইয়াৰ পিচত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও যুৱতীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় ৷ কিন্তু পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ ঘৰৰ পৰা তিনিশ মিটাৰ দূৰত থকা এখন ঘন জংঘলৰ মাজত থকা খেতি পথাৰত উদ্ধাৰ হয় যুৱতীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ। স্থানীয় লোকে যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰি ত্ৰিপুৰা আৰক্ষীক খবৰ দিয়ে ৷ পিচত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে সৌৰভ পাল নামৰ এগৰাকী চালকক আটক কৰে। এই ঘটনাক লৈ ত্ৰিপুৰা ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
ত্ৰিপুৰাত যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ - ত্ৰিপুৰাত যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
পশ্চিম ত্ৰিপুৰাত 23 বছৰ বয়সৰ এগৰাকী যুৱতী বজাৰলৈ কাপোৰ কিনিবলৈ যোৱৰা পিছতেই তেওঁ সন্ধানহীন হয় ৷ ইয়াৰ পিচত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও যুৱতীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় ৷