ETV Bharat / state

কৰিমগঞ্জত এগৰাকী যুৱকৰ হত্যাৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ - এৰালীগুল

কৰিমগঞ্জৰ এৰালীগুলত মাণিক উদ্দিন নামৰ এজন যুৱকৰ হত্যাৰে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ। যোৱা ১৯ আগষ্টত অচিনাকী দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল মাণিক উদ্দিনক।

কৰিমগঞ্জত যুৱকৰ হত্যাৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Oct 8, 2020, 1:45 PM IST

কৰিমগঞ্জ, ৮অক্টোবৰ: কৰিমগঞ্জৰ বাৰইগ্ৰাম আৰক্ষীৰ জালত এৰালীগুলৰ যুৱক হত্যাৰ অভিযুক্ত। বৃহস্পতিবাৰে বাৰইগ্ৰাম আৰক্ষী বিষয়া বাদল পালৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এমাহ উদ্দিন নামৰ অভিযুক্ত জনক। যোৱা ১৯ আগষ্টত পাথাৰকান্দিৰ এৰালীগোল গাঁৱত কোনো অচিনাকী দুৰ্বৃত্তই মাণিক উদ্দিন নামৰ যুৱকজনক হত্যা কৰিছিল। ডিঙি কাটি পেলাই থোৱা অৱস্থাত পথাৰত মাণিক উদ্দিনৰ মৃতদেহ উদ্ধাৰ হৈছিল।

আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালৰ লোকক মৃতদেহ গতাই দিয়ে। হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল যদিও অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল। বৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযুক্ত এমাহ উদ্দিনক গ্ৰেপ্তাৰ কৰে। আনহাতে, এতিয়াও পলাতক হৈ আছে হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড এমাহ উদ্দিনৰ পুত্ৰ হুছেইন আহমেদ। এই ঘটনাৰ সৈতে আন ৩জন ব্যক্তিও জড়িত হৈ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

লগতে চাওকঃআমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.