ETV Bharat / state

বদৰপুৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰা-চুলাই জব্দ

author img

By

Published : Aug 13, 2021, 10:14 AM IST

বৃহস্পতিবাৰে নিশা কৰিমগঞ্জৰ বদৰপুৰত বহু স্থানৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা(Wine) আৰু চুলাই(Liquor) জব্দ ৷ প্ৰথমবাৰৰ বাবে বদৰপুৰৰ বহুকেইটা স্থানত সুৰা বিৰোধী অভিযান চলাইছিল আৰক্ষী আৰু আবকাৰী বিভাগে (Excise Department) ৷

illegal-wine-and-liquor-seized-at-badarpur
বিদেশী সুৰা-চুলাই জব্দ

কৰিমগঞ্জ, 13 আগষ্ট : কৰিমগঞ্জৰ বদৰপুৰত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ বিদেশী সুৰা(Wine)ৰ লগতে চুলাই(Liquor) জব্দ কৰা হয় ৷ আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযানত সুৰাখিনি জব্দ আৰু চুলাইখিনি নষ্ট কৰা হয় ৷ বদৰপুৰ সমষ্টিৰ বহুকেইটা সমষ্টিত আৰক্ষী আৰু আবকাৰী বিভাগে চলাইছিল সুৰা বিৰোধী অভিযান ৷

লগতে পঢ়ক : বাবুৰহাটত জব্দ 40 টা গৰু

প্ৰথমবাৰৰ বাবে বদৰপুৰৰ ৰে’লগেট, বাগাৰগুল, আদৰকোনা, বানিয়াৰগুল আদিত অভিযান চলোৱা বুলি আৰক্ষীৰ উপ পৰিদৰ্শক অৰুণ কুৰ্মীয়ে জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নিৰ্দেশৰ পাচত আবকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰা দেখা গৈছে ।

ক’ভিড (Covid)ত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই ঘাটিসমূহ যাতে ক’ভিড সংক্ৰমণস্থলীলৈ পৰিণত নহয়, তাৰ বাবেও ব্যাপক অভিযান চলাইছে আবকাৰী বিভাগে ।

লগতে পঢ়ক : পাথাৰকান্দিত চুৰি হোৱা বাইকসহ দুই চোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.