ETV Bharat / state

মিজোৰ আগ্ৰাসনঃ কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ প্ৰধান গৃহ সচিব আৰু এডিজিপি

author img

By

Published : Oct 19, 2020, 8:22 PM IST

Updated : Oct 19, 2020, 8:51 PM IST

লক ডাউনৰ সময়চোৱাত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধান সভা সমষ্টিৰ ছোট ভুবিৰবন্ধত প্ৰায় 500 মিটাৰ আৰু পাথাৰকান্দি বিধানসভা সমষ্টিৰ মেদলিছড়াৰ প্ৰায় তিনি কিলোমিটাৰ অসমৰ বনাঞ্চল মিজোৰামে দখল কৰি তাত আৰক্ষী ছাউনী স্থাপন কৰে ৷

home-secretary-visit-karimganj
মিজোৰ আগ্ৰাসনঃ কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ গৃহ সচিব আৰু এডিজিপি

কৰিমগঞ্জ, 19 অক্টোবৰ: অসমৰ লগত চুবুৰীয়া ৰাজ্য সমূহৰ সীমা বিবাদ এক জলন্ত সমস্যা । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে কোনো এখন চৰকাৰেই নিজৰ দায়িত্ব পালন নকৰিলে পৰিণতিত নিতৌ এখন এখন ৰাজ্যৰ লগত দৈনিক সংঘটিত হ'ব ধৰিছে সীমা সমস্যাৰ ।

অসম-মিজোৰাম সীমান্তত চলি থকা মিজো আগ্ৰাসনে পুনৰ ভংয়কৰ ৰূপ লৈছে ৷ সৃষ্টি হৈছে সীমা বিবাদ ৷ ফলস্বৰূপে এক উত্তেজনাপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে কৰিমগঞ্জৰ অসম মিজোৰামৰ সীমান্তত । যাৰ পাছতেই সোমবাৰে কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তত উপস্থিত হয় ৰাজ্যৰ প্ৰধান গৃহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী আৰু এডিজিপি মুকেশ আগৰৱালা ৷ কৰিমগঞ্জ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক লগত লৈ ৰাতাবাৰী বিধান সভা সমষ্টিৰ ছোট ভুবিৰবন্ধ অসম মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠী আৰু এডিজিপি মুকেশ আগৰৱালে ৷ সন্ধিয়া পাঁচ বজাত চেৰাগী সংৰক্ষিত বনাঞ্চলৰ চোটভুবি এলাকা পৰিদৰ্শন কৰি মিজোৰামৰ মামীত জিলাৰ অতিৰিক্ত উপায়ুক্ত এন ডি, আৰক্ষী অধীক্ষক জয়শংকৰ জয়ছোৱালৰ সৈতে আলোচনা কৰি শান্তি সম্প্ৰীতিৰ বজাই ৰাখিবলৈ আলোচনাত মিলিত হয় ৷

উল্লেখ্য যে, লক ডাউনৰ সময়চোৱাত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধান সভা সমষ্টিৰ ছোট ভুবিৰবন্ধত প্ৰায় 500 মিটাৰ আৰু পাথাৰকান্দি বিধানসভা সমষ্টিৰ মেদলিছড়াৰ প্ৰায় তিনি কিলোমিটাৰ অসমৰ বনাঞ্চল মিজোৰামে দখল কৰি তাত আৰক্ষী ছাউনী স্থাপন কৰে ৷

লগতে পঢ়ক: প্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ

অসমৰ মাটিত মিজোৰ আগ্ৰাসনত অতিষ্ঠ হৈ মিজো আগ্ৰাসনৰ বিৰুদ্ধে স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদ‌ কৰিছিল আৰু ইয়াৰ বাবে যোৱা ৯ অক্টোবৰত কৰিমগঞ্জৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত সীমান্ত এলেকাৰ বুজ লৈ মিজোৰামৰ দখলৰ থকা ছোট ভুবিৰবন্ধ অঞ্চল দখল মুক্ত কৰে যদিও পৰৱৰ্তী সময়ত মিজোৰামে পুনৰ অসমৰ মাটি দখল কৰি আৰক্ষীৰ ছাউনী স্থাপন কৰে । এই ঘটনা পোহৰলৈ অহাৰ পিছত কৰিমগঞ্জৰ জিলা উপায়ুক্ত আম্বামুতান এমপিয়ে মিজো প্ৰশাসনৰ সৈতে আলোচনা আৰম্ভ কৰে ।

অসম মিজোৰাম সীমান্তৰ মিজোৰামৰ মামিত জিলাত কানমুন অঞ্চলত উপায়ুক্ত পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় যদিও দীৰ্ঘ তিনি ঘণ্টা ধৰি চলা এই বৈঠকত এনে কোনো কাৰ্য্যকাৰী সিদ্ধান্ত নোলাল ৷ এই ভূমিৰ প্ৰকৃত মালিক অসমৰ হিচাপে দাবী কৰিলেও মিজোৰামৰ পৰা এই মাটি বিতৰ্কিত হিচাপে দাবী কৰিলে যাৰ ফলত অবশেষত আলোচনা বিফল হয় । পিছত ৰাজ্যিক উচ্চ পৰ্যায়ৰ আলোচনা বাবে বিষয়টো প্ৰেৰণ কৰাৰ বাবে উভয় পক্ষে সম্মতি প্ৰকাশ কৰে ।

পৰিস্থিতি সৈতে মোকাবিলা কৰাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনে যথেষ্ট সংখ্যক সুৰক্ষা বাহিনী নিয়োগ কৰি ৰাখিছে অঞ্চলটোত ৷ সম্প্ৰতি কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি আৰু পাথাৰাকন্দি সমষ্টিৰ সীমান্তৱৰ্তী এলাকাত মিজোৰ অবৈধ ভূমি দখল লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ আনহাতে পাথাৰকান্দি সমষ্টিৰ মেডলিছড়াতো বহু ভূমি দখল কৰি অসমৰ ৰাজপথৰ দলঙত বেৰিকেড নিৰ্মাণ কৰি মিজো প্ৰশাসনে বন্ধ কৰি দিয়ে যাতায়াত ।

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

Last Updated : Oct 19, 2020, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.