ETV Bharat / state

কৰিমগঞ্জত হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে

author img

By

Published : Oct 5, 2020, 9:29 PM IST

কৰিমগঞ্জত সম্প্ৰতিৰ অনন্য নিদৰ্শন ৷ হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে ৷ ধৰ্মীয় সংঘাতৰ মাজতে সমাজলৈ আদৰ্শনীয় বাৰ্তা দাঙি ধৰিলে ইছলাম ধৰ্মৰ লোককেইজনে ৷

Hindu take body of Muslim neighbour for cremation in Assam Karimganj District
কৰিমগঞ্জত হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে

কৰিমগঞ্জ, 5 অক্টোবৰ : যিটো সময়ত ধৰ্মীয় কাৰণতে হওঁক বা ৰাজনৈতিক কাৰণতে একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি সমাজত হিন্দু-মুছলামানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেনে সময়তে কৰিমগঞ্জত ফুটি উঠিছে সম্প্ৰতিৰ অনন্য় নিদৰ্শন ৷ হিন্দু ধৰ্মৰ লোকক সম্পূৰ্ণ ৰীতি-নীতিৰে সৎকাৰ কৰিলে ইছলাম ধৰ্মালম্বী লোকে ৷

স্থানীয় লোকৰ মন্তব্য

ঘটনাৰ বিৱৰণ অনুসৰি, জিলাখনৰ বিদ্যাৰ্থী লেন দুইৰ বাসিন্দা অসীম চক্ৰৱৰ্তী উৰফে অপু নামৰ ব্যক্তিজনে ভনীয়েকৰ সৈতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে অঞ্চলটোত । অবিবাহিতা অসীমৰ প্ৰতিবেশী সকল ইছলাম ধৰ্মীয় লোক যদিও একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছিল ।

লগতে পঢ়ক : লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক

দেওবাৰে নিশা 9.30 বজাত হঠাৎ অপু নামৰ লোকজন অসুস্থ হৈ পৰে । লগে লগে ভনীয়েকে সন্মুখৰ ঘৰৰ পৰা লোক এজনক মাতি আনি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷ কিন্তু নিশা 12.05 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে লোকজন । ইছলাম ধৰ্মীয় লোক সকলে চিকিৎসালয়ৰ পৰা ঘৰলৈ আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ শ্মশানত শেষকৃত সম্পন্ন কৰে ।

যি সময়ত সমগ্ৰ দেশৰ লগতে এচাম লোকে ধৰ্মৰ নামত বিভাজন চলোৱাৰ চেষ্টা চলাই আছিছে তেনে সময়তে কৰিমগঞ্জত ইছলাম ধৰ্মীয় লোকে সমাজলৈ এক বাৰ্তা কঢ়িয়াই আনিছে ৷

বিদ্যাৰ্থী লেনৰ ছৈয়দ মুজিব আহমেদ, টিপু চুলতান চৌধুৰী, মোক্তাৰ হুছেইন, নুৰুল ইছলাম, হাজী চানুৰ মিয়া ও মোলান আহমেদ এই ক্ষেত্ৰত আগভাগ লয় । অসীম চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 65 বছৰ ।

লগতে পঢ়ক : নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.