কৰিমগঞ্জ,14 মে’: কৰিমগঞ্জত জিলাত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছসহ হাতে লোটে আটক মাসুক আহমদ নামৰ এগৰাকী ফল মূলৰ ব্যৱসায়ী তথা ড্ৰাগছ সৰবৰাহকাৰী। কৰিমগঞ্জৰ বদৰপুৰত গোপন সূত্ৰৰ পম খেদি তেওঁৰ ফল মূলৰ দোকানৰ পৰা বদৰপুৰ আৰক্ষীয়ে মাসুক আহমদক গ্ৰেপ্তাৰ কৰে ৷ পিচত তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছৰ বহু কন্টেইনাৰ। উল্লেখযোগ্য যে ড্ৰাগছ বৰ্তমান কৰিমগঞ্জৰ আলিয়ে গলিয়ে সুলভ হৈ পৰিছে । আনকি পান দোকানতো অতি সহজে উপলব্ধ বৰবিহ ড্ৰাগছ।
লগতে পঢ়ক: আউনি আটীয় সত্ৰত কেনেকৈ জ্বলে বিজুলী চাকি !
আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি আহিছে। যাৰ ফলত এতিয়া স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান। বৰ্তমান আৰক্ষীয়ে মাসুকক শোধপোচ অব্যাহত ৰাখিছে ।