ETV Bharat / state

ৰাতাবাৰীত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মুক্ত আলিংগন - সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ

নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিমগঞ্জত  দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে মুখামুখি হয়  বিজয় মালাকাৰ আৰু কেশৱ প্ৰসাদ ৰজক ৷ দুয়োগৰাকী নেতাই হাঁহি মুখেৰে কৰমৰ্দন কৰাৰ লগতে উভয়ে উভয়ক শুভেচ্ছা জনায় ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷

কৰিমগঞ্জত ব্যতিক্ৰমী দৃশ্য
author img

By

Published : Oct 12, 2019, 5:32 PM IST

কৰিমগঞ্জ, অক্টোবৰ 12 : আকৰ্ষণীয় হৈ উঠিছে কৰিমগঞ্জৰ 1 নং ৰাতাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ ৷ শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছ উভয়ে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত তুমুল নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ বিধানসভাৰ উপ-নিৰ্বাচনত 1 নং ৰাতাবাৰী সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে বিজয় মালাকাৰে ৷ আনহাতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতাত নামিছে কেশৱ প্ৰসাদ ৰজক ৷ দুয়োদলৰ প্ৰাৰ্থীয়েই ভোটাৰক আকৰ্ষণ কৰাত উঠি পৰি লাগিছে ৷

কৰিমগঞ্জত ব্যতিক্ৰমী দৃশ্য

পিচে, নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিমগঞ্জত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে মুখামুখি হয় বিজয় মালাকাৰ আৰু কেশৱ প্ৰসাদ ৰজক ৷ দুয়োগৰাকী নেতাই হাঁহি মুখেৰে কৰমৰ্দন কৰাৰ লগতে উভয়ে উভয়ক শুভেচ্ছা জনায় ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷ সাধাৰণতে নিৰ্বাচনৰ সময়ত প্ৰায়েই নিৰ্বাচনী হিংসাৰ বাতৰি পোৱা যায় যদিও, ৰাতাবাৰীত দুই নেতাৰ এই সাদৰ সম্ভাষণে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ৷

এই ব্যতিক্ৰমী ক্ষণৰ সাক্ষী হৈ ৰয় প্ৰাক্তন মন্ত্ৰী অজিত সিং, লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা, কৰিমগঞ্জৰ বিজেপি দলৰ সাংসদ কৃপানাথ মাল্লা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্যসহ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য ।

Intro:Body:SLUG : CONGRESS BJP MITIRALI!!!

ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচনক কেন্দ্ৰ কৰি শাসকীয় আৰু বিৰোধী উভয় দলে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । বিজেপি দলে যদি নিজৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ পক্ষে ভোটৰ প্ৰচাৰ চলাই গৈ আছে তেন্তে কংগ্ৰেছে একপ্ৰকাৰ সৰ্বশক্তিৰে দলীয় প্ৰাৰ্থী কেশব প্ৰশাদ ৰজকৰ হৈ ভোটৰ প্ৰচাৰত সমষ্টিৰ চুকে কোনে গৈ ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলাইছে । আনহাতে এটা দলে আন এটা দলৰ বিৰুদ্ধে তীব্ৰ  সমালোচনা অব্যাহত ৰাখিছে । কিন্তু ইয়াৰ মাজত দেখা গল এক ব্যতিক্ৰমী দৃশ্য । উপনিৰ্বানচৰ প্ৰচাৰৰ সময়ত মাজ বাটত মিলন ঘটিল কংগ্ৰেছ আৰু বিজেপিৰ নেতাৰ । হাঁহি মুখেৰে এজনে আনজনলৈ শুভেচ্ছা জ্ঞাপনৰ লগত কৰমৰ্দন কৰে । আৰু কংগ্ৰেছ বিজেপিৰ মিলনৰ এই দৃশ্য বন্দী হল ইটিভি ভাৰতৰ কেমেৰাত । ৰাতাবাৰীৰ পৰা বন্দী হোৱা  এই দৃশ্যটোত আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং, লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা, কৰিমগঞ্জৰ বিজেপি দলৰ  সাংসদ কৃপানাথ মাল্লাহ, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্য সহ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য । উল্লেখযোগ্য যেন, ৰাজনীতিৰ মঞ্চত এজনে আনজনৰ বিৰুদ্ধে বোকা ছটিওৱা মন্তব্য অব্যাহত ৰাখিছে যদিও মাজবাটত উভয় দলৰ নেতাই এজন আনজনৰ লগতে হাঁহি মুখেৰে মতে বিনিময় কৰা দেখা গল .........Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.