ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক ন'বেল পুৰষ্কাৰেৰ পুৰষ্কৃত কৰা উচিত! - himanta_biswa-sarma

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে গৰজি উঠিল উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ পুৰকায়স্থই অকৰ্মণ্যতাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ন'বেল পুৰষ্কাৰ লাভ কৰা উচিত বুলি উল্লেখ কৰে ৷

condition-of-covid19-karimganj
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ন'বেল পুৰষ্কাৰেৰ পুৰষ্কৃত কৰা উচিত
author img

By

Published : Jul 21, 2020, 5:02 PM IST

কৰিমগঞ্জ,21জুলাই: ''অকৰ্মণ্যতাৰ বাবে যদি কোনো ন'বেল পুৰষ্কাৰ আছে,তেন্তে সেয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই লাভ কৰা উচিত''-এই মন্তব্য উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ৷ মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গৰজি উঠে কংগ্ৰেছ বিধায়কগৰাকী ৷ বিধায়কগৰাকীয়ে বিভাগীয় গাফিলতি আৰু দায়সৰা মনোভাৱৰ বাবে ৰাজ্যত কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি কৰিমগঞ্জ জিলাতো গণ সংক্ৰমণৰ ঘটনা প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে বুলি উল্লেখ কৰে ৷ চৰকাৰী নিয়মক অৱজ্ঞা কৰি বজাৰ কৰিবলৈ শতাধিক লোক ওলাই আহিছে ৷ যাৰ বাবে গণ সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ন'বেল পুৰষ্কাৰেৰ পুৰষ্কৃত কৰা উচিত

ইফালে, পিপিই কিট পিন্ধি ফ্লাইটৰ সন্মুখত ফটো উঠা,এজন ছাত্ৰক ঘৰলৈ যোৱাৰ সময়ত চার্টার্ড ফ্লাইটেৰে শিলচৰলৈ অহা,পিপিই কীট পিন্ধি আইচ'লেশ্যন কোঠাত যোৱা,কোটাৰ পৰা অহা ছাত্ৰসকলক স্বাগতম জনোৱাৰ বাহিৰে বৰ্তমান অসমত একোৱে হোৱা ৷ পৰ্যাপ্ত সুবিধা ৰাজ্যৰ স্বাস্থ্যবিভাগে কৰোণা আক্ৰান্ত ৰোগীক দিব পৰা নাই বুলি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷ এইবোৰৰ বাবে ৰাজ্যৰ প্ৰভাৱশালী আৰু প্ৰতাপী মন্ত্ৰীসকলক পুৰষ্কাৰেৰে পুৰষ্কৃত কৰাৰ অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

অন্য এক খবৰৰ বাবে: আৱাসিক এলেকাত কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

আনহাতে, আজি কৰিমগঞ্জ জিলাৰ কৰ'ণা আক্ৰান্ত ৰোগীসকলৰ পৰিস্থিতিৰ বুজ লব'লৈ জিলাখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.