গোলকগঞ্জ,5 জুন: ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহৰ অবৈধ বেহা । শুকুৰবাৰে নিশা গোলকগঞ্জৰ আগমনি আৰক্ষীয়ে অসম-বংগ সীমান্তত জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা বাৰটা গৰু । আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গৰু সৰবৰাহ কৰা AS 17 C 2338 নম্বৰৰ পিক আপ ভেনখন জব্দ কৰে ৷ কিন্তু আন্ধাৰৰ সুযোগ লৈ গাড়ী এৰি পলায়ন কৰে জব্দ কৃত গাড়ীখনৰ চালক । এই জব্দ কৃত বাহনখনৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় চোৰাংভাৱে অনা বাৰটা গৰু ।
প্ৰাপ্ত তথ্য অনুসৰি, অসম-পশ্চিমবংগ সীমান্তৰ ভাই বজাৰৰ কোনো এক গোপন স্থানলৈ চোৰাংভাৱে সৰবৰাহ কৰা গৰুকেইটা অনা হৈছিল । লক্ষ্য স্থান আছিল গৌৰীপুৰ আৰু তাৰ পৰা বাংলাদেশলৈ গৰুকেইটা সৰহৰাহ কৰাৰ কথা আছিল । কিন্তু আগমনি আৰক্ষীৰ তৎপৰতাত শুকুৰবাৰে জব্দ হয় গৰু কেইটা ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৃত গৰু কেইটা খোৱাৰত দিয়ে । আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ