বদৰপুৰ, 25 আগষ্টঃ দেওবাৰে বৰাক নৈৰ ওপৰত অনুষ্ঠিত হৈ যায় বিশেষ নাওখেল প্ৰতিযোগিতা ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত অগ্নি নামৰ বেচৰকাৰী সংস্থাটোৱে অনুষ্ঠিত কৰে পৰম্পৰাগত নাওখেল প্ৰতিযোগিতাখনি ৷ বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ 18টা প্ৰতিযোগী দলে নাওখেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷
প্ৰতিযোগিতাখনিৰ ষাঠি হাত নৌকা শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় শিলচৰ ৰংপুৰৰ পীৰনূৰসা বাবা দলে ৷ সৰু নৌকা শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মজনু বনাকআলাই ৷ ষাঠি হাত নৌকা প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক নগদ বিশ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে দ্বিতীয় বিজয়ী দলক দহ হাজাৰ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হয় ৷ আনহাতে সৰু নৌকাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত বিজয়ী দলক নগদ দহ হাজাৰ টকা আৰু ট্ৰফী লগতে দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত বিজয়ী দলক পাঁচ হাজাৰ টকাৰ নগদ পুৰস্কাৰ আৰু ট্ৰফী প্ৰদান কৰা হয় ৷
নাওখেল প্ৰতিযোগিতাত বিশেষ অতিথি হিচাপে উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য আৰু সংখ্যালঘু নেতা ইকবাল হুছেইনৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকল ৷ বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে নাওখেল প্ৰতিযোগিতা উপভোগ কৰে ৷