কৰিমগঞ্জ,28 ডিচেম্বৰ : কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দি সমষ্টিৰ মানিকবন্দ এলেকাৰ প্ৰত্যন্ত গাঁৱৰ কৃশান চৰৈ নামৰ যুৱকজনে 125 সংখ্যক স্থান লাভ কৰিছে সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ অতি দৰিদ্ৰ পৰিয়ালৰ কুশান বাজাৰিছড়া আৰক্ষী থানাত কৰ্মৰত হাবিলদাৰ মনোহাৰিলাল চৰৈৰ পুত্ৰ ৷
এটা জৰাজীৰ্ণ বাঁহৰ ঘৰত বাস কৰা কুশান চৰৈয়ে বাস্তৱত ৰূপায়িত কৰিলে পিতৃ-মাতৃৰ সপোন ৷ নিজেও প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা কুশানৰ এই সফলতাত গৌৰৱান্বিত হৈছে পিতৃ-মাতৃৰ লগতে গাঁওবাসী ৷
গাঁওবাসীয়ে জনোৱা মতে, অতি পিছপৰা এই চৰৈ সম্প্ৰদায়ৰ কুশানেই প্ৰথম ব্যক্তি, যিয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে । ইয়াৰ বাবে তেওঁলোক বহুত আনন্দিত । লগতে পিতৃ-মাতৃৰ কষ্টক সাৰ্থক ৰূপ দিয়াৰ বাবে আনন্দৰ চকুলো বোৱাইছে কুশানৰ পিতৃ-মাতৃয়ে ৷
লগতে পঢ়ক : কৰ'ণা-কৰ্কট ৰোগৰ সজাগতাৰ বাবে ক্ৰিকেট পীটছত নামিব জুবিন গাৰ্গ