কৰিমগঞ্জ, 21 জানুৱাৰী : কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে এক অভিযান চলায় ৷ কৰিমগঞ্জ জিলাৰ নিভিয়া সমীপৰ লালছৰা, গম্ভিৰা, কেকৰাগুল অঞ্চলত আৰক্ষীয়ে চলাই এই অভিযান ৷
অভিযান কালত কুৰিৰো অধিক অবৈধ সুৰাৰ ঘাটি উৎসাত কৰাৰ লগতে হাজাৰ টকীয়া সুৰা তৈয়াৰ কৰা সমাগ্ৰী নষ্ট কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা অবৈধ সুৰা বিৰোধী অভিযানৰ বাবে নিৰ্দেশ জাৰি কৰা পিচতে এই দৰে তৎপৰ হৈ পৰে কৰিমগঞ্জ আৰক্ষী ৷
লগতে পঢ়ক : আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা