ETV Bharat / state

কৰিমগঞ্জত পুনৰ 7 গৰাকী কৰ'ণাত আক্ৰান্ত - Karimganj District

কৰিমগঞ্জত পুনৰ সাতগৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ আক্ৰান্ত লোককেইজনক ইতিমধ্যে কোৱাৰেন্টাইনৰ বাবে শিলচৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰে প্ৰশাসনে ৷

ETV BHARAT
কৰিমগঞ্জত পুনৰ 7 গৰাকী কৰ'ণাত আক্ৰান্ত
author img

By

Published : May 27, 2020, 2:56 PM IST

কৰিমগঞ্জ,27 মেঃ কৰিমগঞ্জত পুনৰ 7 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ জিলা উপায়ক্ত এম আম্বামাথুন এমপিয়ে সদৰী এই কথা ৷

কৰিমগঞ্জত পুনৰ 7 গৰাকী কৰ'ণাত আক্ৰান্ত

মঙৰবাৰে নিশা কৰিমগঞ্জত পুনৰ সাত গৰাকীলোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ এই খবৰটো জিলা উপায়ুক্ত এম আম্বামাথুন এমপিয়ে ঘোষণা কৰে ৷ আক্ৰান্ত হোৱা লোককেইজনৰ ভিতৰত এজন লোক হোম কোৱাৰেন্টাইনত আছিল । 29 বছৰীয়া অজিত দে নামৰ যুৱকজন চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙৰ পৰা আহিছিল বুলি উপায়ুক্তৰ জৰিয়তে জানিবলৈ পোৱা গৈছে । অজিত দেৰ লগতে পৰিয়ালৰ সাতগৰাকী লোকক কোৱাৰেন্টাইনৰ বাবে শিলচৰ কোভিড হাস্পতাল লৈ প্ৰেৰণ কৰাৰ লগতে তেওঁৰ ঘৰখনক কনটেইনইনমেণ্ট জোন আৰু বাফাৰ জোন হিচাবে ঘোষণা কৰা হৈছে বুলি জনায় কৰিমগঞ্জৰ জিলা উপায়ক্ত এম আম্বামাথুন এমপিয়ে । আক্ৰান্ত হোৱা বাকী 6 গৰাকী নাম হ'ল দিলজাৰ হুছেইন, মনোজ দে, ৰিবেল আহমদ, আওলাদ হুছেইন, আব্দুল হালিম আৰু হাইদৰ হুছেইন । ইয়াৰে 5 গৰাকী লোক মুম্বাই আৰু এগৰাকী চেন্নাইৰ পৰা আহিছিল বুলি উপায়ক্তই জানিবলৈ দিয়ে ।

লগতে পঢ়ক-প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.