কৰিমগঞ্জ,11 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জত বাজিছে মৃত্যু ঘন্টা ৷ কৰিমগঞ্জ জিলাৰ বজাৰঘাট এলেকাত এতিয়া এক অচিন বেমাৰে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ 7টাকৈ শিশুৰ প্ৰাণ ল'লে এক অচিন বেমাৰে ৷ বৰ্তমানলৈকে 7 টা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে বহুকেইটা শিশু প্ৰথমে ডিঙি বিষ, জ্বৰ হৈ পিছত মুখৰ পৰা তেজ ওলাই মৃত্যু হয় শিশুকেইটাৰ ৷
শেহতীয়াকৈ এই মৃত্যুৰ খবৰ লাভ কৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ যুগ্ম সঞ্চালকক এটা আয়ুৰ্বেদিক চিকিৎসকৰ দল পঠাবলৈ নিৰ্দেশ দিয়ে ৷ কথামতেই আয়ুৰ্বেদিক চিকিৎসকৰ দলটো আহি ঔষধ প্ৰদান কৰে অচিন ৰোগত আক্ৰান্ত শিশুসকলক ৷ আশ্বৰ্যজনক কথা,কৰিমগঞ্জৰ পৰা পঠোৱা এই আয়ুৰ্বেদিক চিকিৎসকৰ দলটোৱে কয় এয়া কৰ'ণা ভাইৰাছ ৷কিন্তু এইখিনিতে প্ৰশ্ন হয় যে, কোনোধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ কেনেকৈ তেওঁলোকে এয়া কৰ'ণা ভাইৰাছ বুলি দাবী কৰিব পাৰে ৷
লগতে পঢ়কঃশ্বেতা হত্যাকাণ্ড : ন্যায়ৰ অপেক্ষাত ভোক্তভোগীৰ পৰিয়াল !