ETV Bharat / state

ডিফুত ৰেডক্ৰছৰ ১৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - কাৰ্বি আংলং ৰেড ক্ৰছ ছ'চাইটি

শনিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উদযাপন ৰেডক্ৰছৰ ১৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই দিৱস উপলক্ষে ডিফুৰ আৰ্তুংছত ক'ভিড প্ৰট'কল মানি উদযাপন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

ডিফুত উদযাপন ৰেডক্ৰছৰ ১৯৩সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : May 9, 2021, 9:16 AM IST

ডিফু,9 মে': সমগ্ৰ দেশৰ লগতে শনিবাৰে ডিফুতো উদযাপন কৰা হয় ৰেডক্ৰছৰ ১৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই দিৱস উপলক্ষে ডিফুৰ আৰ্তুংছত ক'ভিড প্ৰট'কল পালন কৰি ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক বৰচিং ফাংছ'ৱে ৷ সাধাৰণ সম্পাদকক অনুসৰণ কৰি ৰেডক্ৰছৰ প্ৰতিষ্ঠাপক জেন হেনৰি ডোনামৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজলন কৰে ৰেডক্ৰছৰ অন্যান্য সদস্যসকলে ৷ উক্ত সভাত ৰেডক্ৰছৰ কোষাধ্যক্ষ জলিৰাম তেৰাং উপস্থিত থাকে ৷

ডিফুত ৰেডক্ৰছৰ ১৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং ৰেডক্ৰছৰ সাধাৰণ সম্পাদক বৰছিং ফাংছ'ৱে পতাকা উত্তোলনৰ পিছতে জিলাখনৰ ৰেডক্ৰছ ছ'চাইটিৰ উদ্যোগত ধনশিৰি অনাথ আশ্ৰম আৰু ডিফুৰ গীতাশ্ৰমলৈ গৈ মাস্ক, ছেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে ৷

বিভিন্ন সময়ত কৰ'ণাৰ ভয়াৱহতা আৰু প্ৰাকৃতিক দূৰ্যোগসমূহৰ ওপৰত বিভিন্ন সজাগতা কাৰ্যসূচী ৰেডক্ৰছে অনুষ্ঠিত কৰি আহিছে ৷ প্ৰয়োজনীয় মাস্ক ছেনিটাইজাৰসমূহ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ইএম ৰূপছিং টেৰণে ৰেডক্ৰছক যোগান ধৰে ৷

লগতে পঢ়ক: পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.