ETV Bharat / state

Wild Elephant Attacks Car: চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণ; নিহত এক, আহত তিনিজন

author img

By

Published : Jul 13, 2023, 10:37 AM IST

বনৰীয়া হাতীৰ আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল এখন চাৰি চকীয়া বিলাসী বাহন ৷ আক্ৰমণত কৰুণ মৃত্যুক আকোঁৱালি ল’লে এটি শিশুৱে ৷ লগতে আহত হয় একে পৰিয়ালৰ তিনিজনকৈ লোকৰ ৷

Wild Elephant Attacks Car at Theplaguri
বন্যহস্তীৰ আক্ৰমণত নিহত এক

ডিফু, 13 জুলাই : এইবাৰ চলন্ত বাহনত চলিল বন্যহস্তীৰ আক্ৰমণ ৷ ঘাইপথেৰে আহি থকা অৱস্থাত চলন্ত বাহনত আক্ৰমণ বন্য হস্তীৰ ৷ বনৰীয়া হাতীৰ আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল এখন চাৰি চকীয়া বিলাসী বাহন ৷ এই আক্ৰমণত কৰুণ মৃত্যুক আকোঁৱালি ল’লে এটি শিশুৱে ৷ লগতে বনৰীয়া হাতীৰ এই আক্ৰমণত আহত হয় একে পৰিয়ালৰ তিনিজনকৈ লোকৰ ৷ এই কৰুণ ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলা সংযোগী ঘাই পথৰ ঠেপ্লাগুৰীত ৷

জানিব পৰা মতে, বুধবাৰে দিনৰ প্ৰায় 4 বজাত শিশুসহ এটা পৰিয়ালৰ চাৰিজনকৈ লোক কাৰ্বি আংলঙৰ ডংকামোকামস্থিত আত্মীয়ৰ ঘৰৰ পৰা চাৰি চকীয়া বিলাসী বাহনেৰে নিজ গৃহ বকলীয়ালৈ গৈ আছিল ৷ এনে অৱস্থাতে হঠাৎ ঠেপ্লাগুৰি জংঘলৰ মাজৰ ঘাই পথটোত বনৰীয়া হাতীৰ সৈতে মুখামুখি হয় বাহনখন ৷ তিনিটাকৈ বনৰীয়া হাতীৰ জাকটোৰ সৈতে হঠাৎ বাহনখন মুখামুখি হোৱাত বনৰীয়া হাতীৰ জাকটোৱে চোঁচা লৈ বাহনখনক বহু দূৰলৈ ঠেলি নিয়াৰ পাছত বাহনখন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ৷ বনৰীয়া হাতীৰ এই ভয়ানক আক্ৰমণত এটি শিশু নিহত হোৱাৰ লগতে আহত হয় একে পৰিয়ালৰ তিনিজনকৈ লোকৰ ৷

নিহত শিশুটিৰ পিতৃসহ আন তিনিজন লোকক বনৰীয়া হাতীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় যদিও কোনো মতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ ৷ নিহত শিশুটিৰ নাম ৰংলিৰ টেৰণপী বুলি জানিব পৰা গৈছে ৷ হাতীৰ আক্ৰমণত নিহত শিশুটিৰ পিতৃৰো এখন ভৰি ভাগি যায় ৷ সম্প্ৰতি গুৰুতৰভাৱে আহত তিনি জন হোজাইৰ হাম হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন সময়ত হাতী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ লোৱা দেখা গৈছে ৷ এই সংঘাতত মানুহৰ খাদ্য-শস্য, সম্পত্তি ধ্বংস হোৱাৰ লগতে সময়ে সময়ে বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণো গৈছে ৷ কেৱল মানুহৰ বাসগৃহতেই নহয়; পথেদি যোৱা বাহন, ব্যক্তিৰ ওপৰতো আক্ৰমণ সংঘটিত কৰি আহিছে বন্য হস্তীয়ে ৷ এইবাৰ তেনে এক দুৰ্ভাগ্যজনক ঘটনাই সংঘটিত হ’ল কাৰ্বি আংলং জিলাত ৷ যাৰ ফলত প্ৰাণ হেৰুৱাব লগা হ’ল এটি শিশুৱে ৷

বনাঞ্চল ধ্বসংৰ ফলত বন্যহস্তীৰ বাবে খাদ্যৰ অভাৱ তথা বাসস্থান সংকোচিত হৈ অহাৰ বাবেই এনেদৰে বিভিন্ন সময়ত বনৰীয়া হাতীয়ে আক্ৰমণ সংঘটিত কৰি আহিছে ৷

লগতে পঢ়ক: CRPF recruitment exam: পৰীক্ষা দিব লৈ আহি ধৰা পৰিল বহি:ৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.