ETV Bharat / state

শৃংখলাৱদ্ধভাৱে সামৰণি কাৰ্বি আংলঙৰ ভোটগ্ৰহণৰ

author img

By

Published : Apr 1, 2021, 6:54 PM IST

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ডিফু, বোকাজান আৰু হাওৰাঘাটত শান্তিপূৰ্ণভাৱে সামৰণি পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ 17 নং বোকাজান, 18 নং হাওৰাঘাট, 9 নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত নিৰ্দিষ্ট শৃংখলাৰ মাজেৰে ৰাইজে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

voting going on in karbi anglong for second phase of assam election
শৃংখলাবদ্ধভাৱে অব্যাহত আছে কাৰ্বি আংলঙৰ ভোটগ্ৰহণ

ডিফু,1 এপ্ৰিল: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ 17 নং বোকাজান, 18 নং হাওৰাঘাট, 9 নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱা 6 বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ সমগ্ৰ ভোটদান প্ৰক্ৰিয়াত সমষ্টিকেইটাত ভোটাৰ ৰাইজে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে ক'ভিড প্ৰট'কল মানি চলাৰ লগতে শাৰী পাতি শৃংখলাৱদ্ধভাৱে ভোটদান প্ৰক্ৰিয়াত অংশ লোৱা পৰিলক্ষিত হয় ৷

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ডিফু, বোকাজান আৰু হাওৰাঘাটত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

জিলাখনৰ ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 160 নং ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি 19 নং ডিফু বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিদ্যাচিং ইংলেঙে মন্তব্য কৰে যে, বিজেপিৰ উন্নয়নমূলক কাম-কাজত উপকৃত হৈ বিজেপিৰ হৈ ভোট দিবলৈ ৰাইজ হিলদল ভাঙি ওলাই আহিছে ৷ তেওঁ কয় যে, ৰাইজে যি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ তাৰ পৰাই বুজা যায় যে, এইবাৰ নিৰ্বাচনী বৈতৰণী তেওঁ ডিষ্টিংশ্যন লৈ পাৰ কৰিব ৷

voting going on in karbi anglong for second phase of assam election
কাৰ্বি আংলঙৰ বোকাজান, হাওৰাঘাট, ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত নিৰ্দিষ্ট শৃংখলাৰ মাজেৰে ৰাইজে সাব্যস্ত কৰিছে নিজ ভোটাধিকাৰ

পদ্মশ্ৰী ৰংবং তেৰাঙেও উক্ত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি কাৰ্বি আংলঙৰ ৰাইজ এতিয়া সজাগ হৈছে বুলি মন্তব্য কৰে ৷ আবেলি 5 বজালৈকে ডিফুত 17.2%, হাওৰাঘাটত 14.1% আৰু বোকাজানত 14.25% লগতে বৈঠালাংচত 8% আৰু হাফলঙত 8% ভোটগ্ৰহণ সম্পন্ন হৈছিল ৷

লগতে পঢ়ক: অসমলৈ পুনৰ আহিব প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.