অৰণ্যকে কাৰ্বি আংলং আৰক্ষীক প্ৰদান কৰিলে তিনিখন বাহন - বে-চৰকাৰী সংস্থা আৰণ্যক
গঁড় চিকাৰীৰ বিৰুদ্ধে সফলতাৰ উপহাৰ স্বৰূপে বে-চৰকাৰী সংস্থা "অৰণ্যকে " কাৰ্বি আংলং আৰক্ষীক প্ৰদান কৰিলে তিনিখনকৈ বাহন ৷

ডিফু , ১৬ আগষ্টঃ কাৰ্বি আংলঙৰ আৰক্ষীৰ বাবে ইটোৰ পিছত সিটো সু-খবৰ ৷ এইবাৰ গঁড় চিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই শিৰোণামলৈ আহিছে এছ.পি দেৱজিৎ দেউৰীৰৰ নেতৃত্বত থকা কাৰ্বি আংলং আৰক্ষী ৷ কাজিৰঙাৰ বুকুত এশিঙিয়া গঁড়ৰ চোৰাং চিকাৰৰ নামত আপুৰুগীয়া জন্তুবিধ নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰি অহা বৃহৎ চোৰাং চিকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ এলানি সফল অভিযান চলাবলৈ সক্ষম হোৱা কাৰ্বি আংলং জিলা আৰক্ষীলৈ তিনিখনকৈ বাহন উপহাৰ হিচাপে আগবঢ়াইছে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰি অহা বে-চৰকাৰী সংস্থা অৰণ্যকে । সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰ আৰু ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেচনৰ প্ৰতিনিধি ৰাহুল দত্তই শনিবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এখন বলেৰ’ আৰু দুখন পালছাৰ মটৰ চাইকেল জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ হাতত অৰ্পণ কৰে ।

ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেচনৰ অসমৰ প্ৰতিনিধি ৰাহুল দত্তই জানিবলৈ দিয়া অনুসৰি অলপতে কাজিৰঙাৰ অগৰাতলিত সংঘটিত হোৱা এক গঁড় হত্যাকাণ্ডৰ ঘটনাৰ আঁত ধৰি কাৰ্বি আংলং জিলা আৰক্ষীয়ে গঁড় চিকাৰীৰ বিৰুদ্ধে এক সফল অভিযান চলাবলৈ সক্ষম হৈছিল । গঁড় চিকাৰীৰ বিৰুদ্ধে অন্যতম সফল অভিযান হিচাপে পৰিগণিত হোৱা উক্ত অভিযানত জিলাখনৰ আৰক্ষীয়ে বিশাল অস্ত্ৰভাণ্ডাৰসহ কেইবাটাও দুৰ্ধৰ্ষ গঁড় চিকাৰীক জালত পেলাবলৈ সক্ষম হৈছিল। চুবুৰীয়া ৰাজ্য মণিপুৰতো আনকি জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং চিকাৰী চক্ৰৰ মূল অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, গঁড় চিকাৰীৰ সন্ধানত অন্য ৰাজ্যত অভিযান চলাই কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ এয়া প্ৰথমটো ঘটনা । আনহাতে, কাজিৰঙাত চোৰাং চিকাৰৰ বাবে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ অপৰাধী চক্ৰই পাহাৰীয়া জিলাখনক অন্যতম কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । তেনেস্থলত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত অধিক সুবিধা হোৱাৰ উদ্দেশ্যে স্বাধীনতা দিৱসৰ বিশেষ দিনটোত কাৰ্বি আংলং জিলা আৰক্ষীলৈ তিনিখন বাহন উপহাৰ হিচাপে আগবঢ়োৱা বুলি সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে। সংস্থাটোৰ এনে পদক্ষেপে জিলাখনৰ আৰক্ষী বাহিনীকো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। বাহনকেইখন আনুষ্ঠানিকভাৱে প্ৰদান কৰা উক্ত অনুষ্ঠানত কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ।
লগতে পঢ়কঃধোনীৰ অৱসৰক লৈ কি ক'লে বলীউড তাৰকাই?