ডিফু,3 ফেব্ৰুৱাৰী: কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বোকাজানত পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ হেৰ’ইন ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ড্ৰাগছ নেটৱৰ্কৰ পুৰণি লিংকত উদ্ধাৰ হৈছে ড্ৰাগছখিনি ৷
এটি গোপন সূত্ৰৰ পমখেদি বৃহস্পতিবাৰৰ পুৱা বোকাজানৰ চিচিআইৰ চিআৰপিএফ কেম্পৰ ওচৰত এক তালাচী অভিযান চলোৱা হৈছিল ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ অ'চি মৌবলিক ব্ৰক্ষই চিআৰপিএফ আৰু আৰক্ষীৰ এটা দলে চলাইছিল এই তালাচী অভিযান ৷
অভিযান কালত আৰক্ষীয়ে এখন নম্বৰপ্লেট বিহীন ৱেগনাৰ বাহনত তালাচী চলাই বাহনখনৰ পৰা ৫১ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ৬৬০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত হেৰ’ইনখিনি সৰবৰাহৰ লগত জড়িত এজন পুৰুষ আৰু এগৰাকী মহিলাকো অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে (Drugs Peddler Arrested) ৷ ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে নাগালেণ্ডৰ ডিমাপুৰৰ চুকুডিমা থানা এলেকাৰ ছয় মাইলৰ অশোখ'(৪৫) আৰু শীলা (৩৬)বুলি চিনাক্ত কৰা হৈছে ৷ অশোখ'য়ে কিছুদিন পূৰ্বে ৬৯৫ গ্ৰাম নিষিদ্ধ হেৰ’ইনসহ গ্ৰেপ্তাৰ হোৱা বাবা হাজৰিকাক ড্ৰাগছৰ যোগান ধৰাৰ কাৰ্যত জড়িত আছিল বুলি সূত্ৰটোত প্ৰকাশ ৷
লগতে পঢ়ক: Fraudster Mridupaban Neog Case: প্ৰৱঞ্চক মৃদুপৱনৰ দুই সতীৰ্থক আটক