ETV Bharat / state

Book Inauguration: ডিফুত ‘দ্য উইপিং হিলছ এণ্ড আদাৰ ষ্টৰীজ’ৰ উন্মোচন

author img

By

Published : Jul 16, 2023, 10:52 PM IST

পদ্মশ্ৰী ৰংবং তেৰাঙৰ 10 টা নিৰ্বাচিত গল্প অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে অধ্যাপিকা কাছে টেৰণপীয়ে ৷

Book Inauguration
Book Inauguration
"দ্যা উইপিং হিলছ এণ্ড আদাৰ ষ্টৰীজ"ৰ উন্মোচন

ডিফু, 16 জুলাই : অসমীয়া সাহিত্যৰ অন্যতম জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ 10 টা নিৰ্বাচিত গল্প অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে অধ্যাপিকা কাছে টেৰণপীয়ে ৷

দেওবাৰে "দ্যা উইপিং হিলচ্ এণ্ড আদাৰ ছৰ্ট ষ্টৰী” নামৰ গল্প সংকলনখন বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙৰ সাহিত্য ভৱনত আনুষ্ঠানিকভাৱে উন্মোচন কৰে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী খিৰলা টেৰণপীয়ে ৷ গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে, এতিয়াৰে পৰা ৰংবং তেৰাঙৰ গল্পৰ আমেজ বিশ্বৰ সকলো প্ৰান্তৰ লোকে ল’ব পাৰিব ৷

নিজৰ গল্প ইংৰাজী ভাষালৈ অনুবাদ হোৱাত সুখী বুলি কৈ ৰংবং তেৰাঙে কয়, "মই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰোঁ ৷ মোৰ গল্পসমূহ কাছেয়ে ইংৰাজীলৈ অনুবাদ কৰাত এতিয়া এখন বহল পাঠক সমাজ পাম ৷ তেওঁ ইয়াৰ পূৰ্বে মোৰ “ৰংমিলিৰ হাঁহি”খন ইংৰাজীলৈ অনুবাদ কৰিছিল ৷ সেইখনো পঢ়ুৱৈয়ে আদৰি লৈছে ৷ মই তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ৷"

আনহাতে অনুবাদক কাছে টেৰণপীয়ে কয়, ‘‘ৰংবং তেৰাং ছাৰৰ সৃষ্টিৰাজিত কাৰ্বি আংলঙৰ সমাজ, সংস্কৃতি, জনজীৱনৰ, প্ৰকৃতিৰ ছবি আছে ৷ গল্প ,উপন্যাস সকলোতে কাৰ্বি আংলঙৰ জনজীৱনৰ জীয়া ছবি বিদ্যামান ৷ এতিয়া নতুন প্ৰজন্মৰ সৰহ ভাগেই অসমীয়া পঢ়িব নোৱাৰে ৷ সকলো ইংৰাজী মাধ্যমত পঢ়াশুনা কৰা যুুৱক-যুৱতী ৷ কিন্তু ছাৰৰ সৃষ্টিশীল সাহিত্যৰ সোৱাদ নাপালে তেওঁলোকে কেনেকৈ বুজিব ছাৰৰ সৃষ্টিৰ বিশালতাৰ কথা ৷ সেয়ে মই প্ৰথমে ৰংমিলিৰ হাঁহি আৰু এতিয়া সুকীয়া সুকীয়া পটভূমিৰ দহটা গল্প ইংৰাজীলৈ অনুবাদ কৰিছোঁ ৷ আশা ৰাখিছো পঢ়ুৱৈ সমাজে আদৰি ল’ব ৷"

উল্লেখ্য যে, কাছে টেৰণপীয়ে আৰৰ্নেষ্ট হেমিংৱেৰ “দ্যা অল্ড মেন এণ্ড দ্যা চি ” গ্ৰন্থখন কাৰ্বিলৈ অনুবাদ কৰাৰ উপৰি কাৰ্বি সাধু আৰু গল্পও ইংৰাজীলৈ অনুবাদ কৰিছে ৷ ছলাংদ প্ৰকাশনে প্ৰকাশ কৰিছে এই গ্ৰন্থখন ৷

লগতে পঢ়ক: Assam Minority Sangram Parishad: মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.