ডিফু, ৩ মাৰ্চ: তৃতীয়বাৰৰ বাবে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰা চিপিআই(এমএল) কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হৈছে ৰবি কুমাৰ ফাংচ' আৰু প্ৰতিমা ইংহিপী (Ravi Kumar Phanso to CPI ML Central Committee) ৷ যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা চিপিআই(এমএল)ৰ ১১ সংখ্যক মহা অধিৱেশনত (11th Maha Sabha of CPI ML) নিৰ্বাচিত হৈছে নেতা দুগৰাকী ৷
শুকুৰবাৰে এই সন্দৰ্ভত ডিফুস্থিত চিপিআই(এমএল)হিলছ পাৰ্টিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন (CPI ML press meet) কৰি চিপিআই(এমএল) হিলছ পাৰ্টিৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচ'ৱে কয় যে মহা অধিৱেশনখনৰ ১৫ ফেব্ৰুৱাৰীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ মহাৰেলীত 'গণতন্ত্ৰ বাচাও, দেশ বাচাও' থীম হিচাপে লৈ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এক লাখ লোকৰ সমাগম ঘটিছিল ৷ ইয়াৰ লগতে এই ৰেলীত ২০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ৷ চিপিআই(এমএল) হিলছ পাৰ্টিৰ পৰা ৫২ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ৷
এই অনুষ্ঠানত দেশ-বিদেশৰ অতিথিৰ উপস্থিতিত বামপন্থী, গণতান্ত্ৰিক শক্তি, নেতা-সংগঠন সমূহে শাসনাধিষ্ঠ বিজেপিৰ ফেচীবাদী শক্তিক ঐক্যৱদ্ধভাৱে নিৰ্মূল কৰাৰ বাবে ঐক্যমত পোষণ কৰিছে ৷ ইউক্ৰেইন, নেপাল আৰু বাংলাদেশৰ পৰাও প্ৰতিনিধিয়ে উক্ত ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ ১৮ ফেব্ৰুৱাৰীত জেডিইউ,আৰজেডি, চিপিআই, চিপিএম, ফৰৱাৰ্ড ব্লক আৰএছপি আৰু কংগ্ৰেছকে ধৰি ৮ টা দলৰ এক চেমিনাৰ অনুষ্ঠিত হয় ৷ উক্ত চেমিনাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যাদৱ, উপমুখ্যমন্ত্ৰী তেজশ্বী যাদৱ, কংগ্ৰেছী নেতা ছলমান খুৰশিদৰ উপস্থিতিত 'মহা জোঁটবন্ধন ' গঠন কৰা হয় বুলি জানিবলৈ দিয়ে ফাংচ'ৱে ৷
২০ ফেব্ৰুৱাৰীৰ মহা অধিৱেশনখনৰ অন্তিমটো কাৰ্যসূচীত গণতান্ত্ৰিকভাৱে দিপাংকৰ ভট্টাচাৰ্যক চিপিআই(এমএল)ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি ৭৭ জনীয়া সমিতিখনৰ পুনৰ গঠন কৰা হয় ৷ উক্ত সমিতিত কাৰ্বি আংলঙৰ পৰা ৰবি কুমাৰ ফাংচ' আৰু প্ৰতিমা ইংহিপী (Pratima Enghipi to CPI ML Central Committee) নিৰ্বাচিত হয় বুলি জানিবলৈ দিয়ে ৷
অন্তিম দিনৰ কাৰ্যসূচীত তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪ (ক) অনুচ্ছেদ অনুসৰি এখন স্বায়ত্ত শাসিত ৰাজ্য আৰু পাৰ্বত্য জিলা তিনিখনৰ জলবায়ু, পৰিৱেশ-পাৰিপাৰ্শ্বিকতা পৰিৱৰ্তন আৰু বিভিন্ন অভাৱ-অভিযোগৰ কথা উত্থাপন কৰা হয় বুলি জানিবলৈ দিছে ৰবি কুমাৰ ফাংচ'ৱে ৷ দুয়োটা বিষয় কেন্দ্ৰীয় সমিতিয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক: Rail connectivity in Assam: বিজেপিৰ শাসনকালত অসমত ৰে’ল সেৱাৰ দুৰৱস্থাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ