ETV Bharat / state

ইনাৰ লাইন পাৰ্মিট : অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি !

author img

By

Published : Mar 1, 2020, 7:40 PM IST

উত্তেজিত হৈ পৰিছে বোকাজানৰ অসম নাগালেণ্ড সীমান্তবাসী ৷ নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট বলৱৎ কৰাৰ পিচতেই উত্তেজিত পৰিছে এই লোকসকল ৷ আৰক্ষীয়ে ৯ গৰাকী লোকক কোনো কাৰণ নোহোৱাকৈয়ে আটক কৰি নিয়াৰ অভিযোগ উত্থাপন উত্তেজিত জনতাৰ ৷

অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি

ডিফু, 1 মাৰ্চঃ নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট বলবৎ কৰাৰ পিচতেই উত্তেজিত হৈ পৰিছে বোকাজানৰ অসম নাগালেণ্ড সীমান্তবাসী ৷ কোনো কাৰণ নোহোৱাকৈয়ে নাগালেণ্ড আৰক্ষীয়ে ৯ গৰাকী লোকক আটক কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে উত্তেজিত জনতাই ৷ যাৰ বাবে আজি অসম নাগালেণ্ড সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে উত্তেজিত জনতাই ৷ ফলত অসমৰ পৰা নাগালেণ্ড আৰু নাগালেণ্ডৰ পৰা অসমলৈ সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰে যান বাহন চলাচল ৷ যাৰ বাবে ক্ৰমাৎ উত্তেজনা বৃদ্ধি হয় সীমান্তত ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও ক্ষান্ত নহ'ল প্ৰতিবাদকাৰী সকল ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰে প্ৰতিবাদকাৰী সকলক ৷

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া আৰু বোকাজান চক্ৰ বিষয়াৰ তৎপৰতাত বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি ৷

লগতে পঢ়কঃ ৰহা টোল গেট বন্ধৰ দাবীত AJYCP প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.