ETV Bharat / state

তিনি মাহে অপহৃত পুত্ৰৰ সন্ধান নাপাই অসহায় পিতৃ - জেল হাজোতলৈ

তিনিমাহে সন্ধান নাই বাহন সহিতে এগৰাকী গাড়ীচালকৰ ৷ সমগ্ৰ ঘটনা সৰ্ন্দভত শনিবাৰে ডিফুৰ এটি অসহায় পৰিয়াল সংবাদ মাধ্যমৰ কাষ চাপে ৷ দেওবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত শোকত ভাগি পৰে অপহৃত ব্যক্তিগৰাকীৰ পৰিয়াল ৷

তিনি মাহে অপহৃত পুত্ৰৰ সন্ধান নাপাই অসহায় হৈ পৰিছে পিতৃ

author img

By

Published : Mar 13, 2021, 7:51 PM IST

Updated : Mar 13, 2021, 8:01 PM IST

ডিফু,১৩ মাৰ্চ: বিগত তিনিমাহে সন্ধান নাই বাহন সহিতে এগৰাকী গাড়ীচালকৰ ৷ সমগ্ৰ ঘটনা সৰ্ন্দভত শনিবাৰে ডিফুৰ এটি অসহায় পৰিয়াল সংবাদ মাধ্যমৰ কাষ চাপে ৷ দেওবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত শোকত ভাগি পৰে অপহৃত ব্যক্তিগৰাকীৰ পৰিয়াল ৷ অপহৃতৰ পিতৃ আব্দুল মতলিবে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, পুত্ৰ আফজল আলীয়ে বিগত ৩ জানুৱাৰীত ভাড়া লৈ নিজৰ বগা ৰঙৰ এএছ ০২ চি চি ২৬০৪ নম্বৰৰ টাটা ম’বাইল বাহনখনেৰে হোজাইৰ যমুনামুখলৈ গৈছিল ৷ পৰৱৰ্তী সময়ত আন এটা ভাড়ালৈ নগাঁৱলৈ যোৱা বুলি পৰিয়ালৰ লোকক জনাইছিল ৷ তাৰপিছৰ পৰা পুত্ৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় পিতৃৰ ।

এই সন্দৰ্ভত পিতৃ মতলিব আলীয়ে ডিফু থানাৰ দ্বাৰস্থ হৈছিল ৷ কিন্তু ঘটনাৰ স্থান নগাঁও হোৱাৰ বাবে এই সন্দৰ্ভত চলিত বছৰৰ ৬ জানুৱাৰীত নগাঁও সদৰ থানাত ৪৪/২০২১ ত গোচৰ ৰুজু কৰি তদন্তৰ বাবে হয়বৰগাঁও আৰক্ষী চকীলৈ গোচৰটো হস্তান্তৰ কৰে ।

তিনি মাহে অপহৃত পুত্ৰৰ সন্ধান নাপাই অসহায় হৈ পৰিছে পিতৃ

পিতৃ আব্দুল মতলিবে অভিযোগ কৰা অনুসৰী, হয়বৰগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানে কোনো তদন্ত নকৰাকৈ গোচৰটো পেলাই থৈ ওলোটাই অপহৃতৰ পিতৃকহে তদন্ত কৰিবলৈ কয় । যোৱা ৪ ফেব্ৰুৱাৰীত নগাঁও আৰক্ষীয়ে ধিঙৰ কদমনিৰ পৰা গোচৰ সংক্ৰান্তত এজন ব্যক্তিক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও মূল অপৰাধীক কৰায়ত্ত কৰিবলৈ আজিও সক্ষম হোৱা নাই ৷ তদুপৰি বাহনসহ সন্ধানহীন আফজল আলীৰো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাৰ বাবে আৰক্ষীৰ ব্যৰ্থতাক লৈ প্ৰচণ্ড ক্ষোভ উজাৰে আফজলৰ পিতৃয়ে ৷

এই সন্দৰ্ভত পিতৃয়ে নগাঁও আৰক্ষী অধীক্ষৰ কাৰ্যালয়তো ক্ষীপ্ৰ আৰু উচিত তদন্তৰ বাবে দাবী জনায় । এই লৈ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে গোচৰটোৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ পিছতো কিন্তু বৰ্তমানলৈ কোনো শুংসূত্ৰ নোলাল অপহৃত চালক কিম্বা বাহনৰ ৷ ফলত শোকত ভাগি পৰিছে আফজলৰ পৰিয়াল ৷

লগতে পঢ়কঃ শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী

Last Updated : Mar 13, 2021, 8:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.