ETV Bharat / state

চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলকলৈ সৃষ্টি নতুন বিতৰ্কৰ

author img

By

Published : Apr 28, 2021, 10:58 PM IST

বুধবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত কাৰ্বি ছাত্ৰ সন্থা, কেএছৱাইচি কেএফএ, কেএডব্লিউজেএফ, আৰু ইউকেএডব্লিউএ আদি সংগঠনৰ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰি কয় যে, নগাঁও আৰক্ষীৰ তৰফৰ পৰা চুমিলাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণৰ বাবে চুমিলাৰ পৰিয়ালক মাতি পঠিওৱা হৈছিল ৷ সেই অনুসৰি পৰিয়ালৰ লোকসহ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি সহ নগাঁৱত উপস্থিত হয় যদিও মঙলবাৰে প্ৰায় দহ ঘণ্টা অপেক্ষা কৰাৰ পিছতো পৰিয়ালটোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিবলৈ সক্ষম নহ'ল ৷

চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলকলৈ অসন্তুষ্ট দল-সংগঠন

ডিফু, ২৮ এপ্ৰিল : কাৰ্বি জীয়ৰী চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলক কেন্দ্ৰকৰি সৃষ্টি হৈছে এক নতুন বিতৰ্কৰ ৷ চুমিলা ৰংহাঙপীৰ পৰিয়ালৰ হাতত চুমিলাৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল নপৰাৰ পূৰ্বেই আৰক্ষীয়ে লাভ কৰা ফলাফলকলৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে জিলাখনৰ দল সংগঠন সমূহে ৷ ৰহাৰ খাইগড়ত সংঘটিত কাৰ্বি জীয়ৰী চুমিলা ৰংহাঙপীৰ অমানুষিক আৰু বৰ্বৰ হত্যাকাণ্ডৰ হত্যাকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জিলাখনৰ দল-সংগঠনে প্ৰকাশ কৰা এনে স্থিতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

ইয়াৰ বিপৰীতে বুধবাৰে পুৱাৰ বাতৰি কাকতত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমত দিয়া মন্তব্যত চুমিলা ৰংহাঙপী সন্তান সম্ভৱা নাছিল বুলি কৰা মন্তব্যত দল-সংগঠন সমূহে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰে ক্ষোভ উজাৰে ৷ বিশেষকৈ চুমিলাৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ নকৰাকৈ জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কিদৰে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল বুলি উল্লেখ কৰি এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকলৈ জিলাখনৰ দল-সংগঠন সমূহ মুঠেই সন্তুষ্ট নহয় বুলি কয় ৷

এই ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে ৰাইজে নিজেই হাতত আইন তুলি লবলৈ বাধ্য হ’ব বুলি কোৱাৰ লগতে এনে পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সচেষ্ট থকাৰ বাবে আৰক্ষীক আহ্বান জনায় ৷ একেটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিলে অথচ পৰিয়ালে লাভ কৰিব নোৱাৰে কিয় বুলি সংবাদমেলত সংগঠন সমূহে প্ৰশ্ন উত্থাপন কৰে ৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত মুকলি অসন্তুষ্ঠি প্ৰকাশ কৰি সংগঠন সমূহে এই সন্দৰ্ভত চিবিআই তদন্ত দাবী কৰে ৷ আনহাতে ঘটনাৰ তদন্তকলৈ এজনীয়া তদন্ত সমতিৰ সিদ্ধান্তক আদৰণি জনায় যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা কাৰ্যতো সংগঠনৰ নেতৃবৰ্গই অসন্তুষ্টি প্ৰকাশ কৰে ৷

লগতে পঢ়ক : পুনৰ সৰ্বসাধাৰণক মাধমাৰ: 1 মে'ত মুকলি হ'ব বগীবিল টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.