ETV Bharat / state

মাজনিশা হঠাৎ দীঘলীপুখুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; বুজ ল’লে উৰণসেতুৰ নিৰ্মাণ কাৰ্যৰ - Noonmati Dighalipukhuri flyover

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:06 AM IST

Updated : Sep 9, 2024, 10:09 AM IST

CM HBS took measures of Noonmati Dighalipukhuri flyover : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা মাজনিশা পৰিদৰ্শন কৰে নুনমাটি-দীঘলীপুখুৰী সংযোগী প্ৰায় ৫.৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতুৰ নিৰ্মাণ কাৰ্য । বুজ ল’লে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ । সদ্যহতে উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য চলি আছে নুনমাটিৰ পৰা চানমাৰি অংশত ৷ এই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ঘোষণা যে ২০২৬ৰ জানুৱাৰী পৰ্যন্ত উৰণসেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে ৷

CM HBS took measures of Noonmati Dighalipukhuri flyover
হঠাৎ মাজনিশা দীঘলীপুখুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : হঠাৎ মাজনিশা মুখ্যমন্ত্ৰীৰ কনভয় উপস্থিত হয় দীঘলীপুখুৰীত । কিয় আচম্বিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজনিশা গুৱাহাটীৰ মাজমজিয়াত উপস্থিত হয় ? কোনো অভিযান চলাবলৈ নহয়, আচলতে ৰিভাৰ্জ বেংকৰ পৰা গোপীনাথ বৰদলৈ পথ আৰু মণিৰাম দেৱান‌ পথ হৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য বুজ লোৱাৰ বাবে ‌মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হঠাৎ গুৱাহাটীৰ মাজমজিয়াত উপস্থিত ‌হয় ।

উল্লেখযোগ্য যে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ.চি. আইলৈ এই উৰণসেতুখন হৈ আছে । চাৰিটা লেনযুক্ত হ’বলগীয়া এই উৰণসেতুখনৰ দৈঘ্য প্ৰায় ৫.৫ কিলোমিটাৰ । প্ৰায় ৯৬০ কোটি টকা বাজেটেৰে এই উৰণসেতুখন নিৰ্মাণ হ’ব ।

মুখ্যমন্ত্ৰীয়ে X ত কয়, ‘‘মাজনিশা দীঘলীপুখুৰী-নুনমাটি উৰণসেতুৰ চলিত নিৰ্মাণ কাৰ্যৰ বুজ ললো । আমি ২০২৫ চনৰ মাৰ্চৰ ভিতৰত নুনমাটি-চান্দমাৰি অংশ আৰু বাকীখিনি ২০২৬ চনৰ আৰম্ভণিতে মুকলিৰ পৰিকল্পনা কৰিছো । সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ৰাজগড় আৰু উলুবাৰীৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলৰ সৈতেও এই উৰণসেতুৰ আন্তঃসংযোগৰ ব্যৱস্থা কৰিম ।"

মুখ্যমন্ত্ৰীয় সাংবাদিকৰ আগত সদৰী কৰা‌ মতে, ৰিভাৰ্জ বেংকৰ পৰা গোপীনাথ বৰদলৈ পথ আৰু মণিৰাম দেৱান‌ পথ হৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণভাৱে সমাপ্ত হ’ব ২০২৬ চনৰ প্ৰথম ভাগত । ২০২৬ চনৰ জানুৱাৰীত এই উৰণ সেতুখন সম্পূৰ্ণ হ'ব ।

লগতে পঢ়ক : ৰঙিয়াত একেদিনাই আৰম্ভ দুখনকৈ উৰণসেতু নিৰ্মাণৰ কাম - Bhumi pujan in Rangia

অৱশ্যে শৰ্মাই সদৰী কৰা‌ মতে, নুনমাটিৰ পৰা চানমাৰিৰ পুৰণি উৰণ সেতুক সংযোগ কৰি নিৰ্মীয়মান উৰণ সেতুখন সম্পূৰ্ণ অহা বছৰ মাৰ্চত ৰাইজৰ বাবে মুকলি কৰা হ'ব ।‌ বাকী চানমাৰিৰৰ পৰা ৰিজাৰ্ভ বেংকৰ অংশখিনি ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ।

উল্লেখ্য যে, এই উৰণসেতুখনক সংযোগ কৰি ৰাজগড় আৰু উলুবাৰী দিশত দুখন উৰণ সেতু নিৰ্মাণ কৰা‌ হ'ব । এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সদৰী‌‌ কৰিছে ।

আনহাতে সমাগত দুৰ্গা পূজাৰ সময়চোৱাত নুনমাটি আৰু চানমাৰি অংশৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ লগতে, উৰণসেতু নিৰ্মাণ কাৰ্যৰ দুয়োকাষে বিধ্বস্ত ৰাজপথৰ মেৰামতি কৰি দিবলৈয়ো লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া বুলি উৰণসেতুৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : নাগৰিক সমিতি সন্মিলন; অসম আৰক্ষীক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰীৰ - Nagarik Samitis conference

Last Updated : Sep 9, 2024, 10:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.