ETV Bharat / bharat

সেনাৰ অনুপ্ৰৱেশ বিৰোধী অভিযান; দুই সন্ত্ৰাসবাদী নিহত - Army anti filtration operation

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:07 AM IST

Army anti-filtration operation: জম্মু-কাশ্মীৰৰ নওচেৰাৰ লামত সেনাৰ এনকাউণ্টাৰ । দুই সন্ত্ৰাসবাদী নিহত । বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ।

Army anti-filtration operation
সেনাৰ অনুপ্ৰৱেশ বিৰোধী অভিযান (ANI)

নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ : অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান । হোৱাইট নাইট কৰ্পছৰ অভিযানত নিহত দুই সন্ত্ৰাসবাদী । আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । সম্ভাৱ্য অনুপ্ৰৱেশৰ প্ৰচেষ্টা সন্দৰ্ভত বিভিন্ন সংস্থা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই দেওবাৰে মাজনিশা নওচেৰাৰ লাম নাম এটা অঞ্চলত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধি অভিযান আৰম্ভ কৰে ।

সেই সময়তে অভিযানকাৰী দলে সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ গতিবিধি লক্ষ্য কৰে । লগে লগে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰে । অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয় বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও অঞ্চলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ।

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান

এক্সৰ এটা পোষ্টত সেনাৰ জম্মু-ভিত্তিক হোৱাইট নাইট কৰ্পছে কয় যে অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টা সন্দৰ্ভত চোৰাংচোৱা সংস্থা আৰু আৰক্ষীৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি লামৰ সাধাৰণ এলেকাত ৮ ছেপ্টেম্বৰৰ মাজনিশা অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল ।

পোষ্টটোত কোৱা হৈছে, "দুটা সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছে আৰু দুটা একে-৪৭ আৰু এটা পিষ্টলসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে (এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে)। অনুসন্ধান অভিযান চলি আছে ।"

অভিযান অব্যাহত

ইফালে বিষয়াসকলে কোৱা মতে সেনাই অন্ধকাৰ অঞ্চলটোত পোহৰৰ ব্যৱস্থা কৰিছিল আৰু এনকাউণ্টাৰৰ পিচতো গোটেই নিশা কঠোৰ নিৰীক্ষণত ৰাখিছিল । একেদৰে পুৱতি নিশাৰ পৰা পুনৰ অভিযান আৰম্ভ কৰা হয় । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ অভিযান চলি থকাৰ কথা গম পোৱা গৈছে । ভাৰতীয় সেনাই অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু যিকোনো গতিবিধি নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক :চলিত বৰ্ষত মুঠ 456 গৰাকী নাবালক-নাবালিকাক উদ্ধাৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে’ল সুৰক্ষা বাহিনীৰ - minors rescued by RPF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.