জগতগুৰুৰ অমিয়া বাণী : আউনীআটী সত্ৰত 1500 গৰাকী আইমাতৃ কণ্ঠস্বৰত একলগে নিগৰিল হৰিনামৰ ধ্বনি - Holy Bhada month

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 7:21 AM IST

thumbnail
1500 গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰে (ETV Bharat)

টীয়ক, 9 ছেপ্টেম্বৰ : ‘‘নাম অসমীয়া সমাজত জীয়াই থকালৈকে, ভকতৰ সমাজ থকালৈকে অসমীয়া সমজৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে ৷’’ টীয়কৰ কলিয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰত বাপ-আইমাতৃসকলৰ সৈতে উপস্থিত থাকি এই মন্তব্য কৰে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷

উল্লেখ্য যে, দেওবাৰে নাগাৰা, খোল, তালৰ লগতে 1500 গৰাকী আইমাতৃ (মহিলা)ৰ কণ্ঠত একলগে নিগৰিল হৰিনামৰ ধ্বনি ৷ একপ্ৰকাৰে দ্বিতীয় বৈকুণ্ঠপুৰিলৈ পৰিণত হ’ল টীয়কৰ কলিয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰ । সত্ৰাধীকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ উপস্থিতিত 1500 গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰে ৷

ভাদমহীয়া নাম-প্ৰসংগৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 1500 গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰাত উৎফুল্লিত হৈ পৰে সত্ৰাধিকাৰগৰাকী । লগতে এই চহকী সংস্কৃতি চৰ্চাই উঠি অহা প্ৰজন্মক আধ্যাত্মিক দিশত আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷

জাতিটোৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত মহিলাসকলৰ এই প্ৰয়াসক শলাগ লৈ এয়া আদৰ্শ বুলি অভিহিত কৰে সত্ৰাধিকাৰ গোস্বামীয়ে । লগতে এনে আধ্যাত্মিক পৰিৱেশে জাতিটোৰ উত্তৰণতো অধিক সহায়ক হ’ব বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : অসমৰ চুবুৰীয়া ৰাজ্য়ৰ নামঘৰত চলিছে ভাদ মহীয়া নাম - Holy Bhada month

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.