ডিফু, 1 ছেপ্তেম্বৰ : মৰেল পুলিছৰূপী একাংশ দূৰ্বৃত্তৰ নিকৃষ্ট কাৰ্যত হতাশ আৰু চৰম অপমান লাভ কৰি আত্মহত্যাৰ পথ বাছি ল'লে কাৰ্বি আংলঙৰ এগৰাকী কিশোৰীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, যোৱা 19 আগষ্টত বকলিয়াঘাট থানা এলেকাধীন তিচ'ম গাঁৱৰ এগৰাকী কিশোৰীয়ে নিজ বন্ধুৰ সৈতে চিলনীস্থিত বনভোজ থলীলৈ ফুৰিবলৈ গৈছিল ৷ সেই সময়তে কিছু দুৰ্বৃত্তই কিশোৰী গৰাকীৰ বন্ধুৰ সৈতে কিছু অন্তৰংগ মুহূৰ্তৰ দৃশ্যাংশ গ্ৰহণ কৰাৰ লগতে বন্ধুজনক মাৰপিট কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি দূৰ্বৃত্ত কেইটাই সমগ্ৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে ৷
ইয়াৰ পাছতে চৰম হতাশাত ভুগি যোৱা 21 আগষ্টত নিজ গৃহত আত্মহত্যাৰ পথ বাছি লয় কিশোৰী গৰাকীয়ে ৷ এই ভাইৰেল ভিডিঅ'ৰ উমান পাই মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই নিজাববীয়াকৈ তদন্ত কৰি অৱশেষত দেওবাৰে চাৰিটাকৈ দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ দূৰ্বৃত্ত কেইটা বনবিভাগৰ অস্থায়ী কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই বকলীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷ উল্লেখযোগ্য যে, ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা এনে দুৰ্বৃত্তৰ বিৰুদ্ধে নিজাববীয়া প্ৰচেষ্টা লোৱা বাবে সচেতন মহলে বিষয়া গৰাকীক প্ৰশংসা আগবঢ়াইছে ৷