ETV Bharat / state

হাওৰাঘাটত সীমাকেন্দ্ৰিক বিবাদ; বাঁহেৰে মৰিয়াই হত্যা 1 জনক - muder

হাওৰাঘাটত পথাৰৰ পানী আৰু সীমাকেন্দ্ৰিক বিবাদৰ বাবে এজনক বাঁহেৰে মৰিয়াই হত্যা ৷ পৰৱৰ্তী সময়ত হাওৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী জিৰছং তেৰাঙক আটক কৰি ৰুজু কৰিছে গোচৰ।

হাওৰাঘাটত সীমাকেন্দ্ৰীক বিবাদ; বাঁহেৰে মৰিয়াই হত্যা 1 জনক
author img

By

Published : Jul 31, 2019, 8:13 PM IST

ডিফু, ৩১ জুলাইঃ কাৰ্বি আংলঙৰ হাওৰাঘাটত পথাৰৰ পানী আৰু সীমা কেন্দ্ৰিক সংঘাত ৷ জানিব পৰা মতে মঙলবাৰে হাওৰাঘাট থানাৰ অন্তৰ্গত অক্ কেৰেং নিহাং ইংতি গাঁৱত পথাৰৰ পানী আৰু সীমাক কেন্দ্ৰ কৰি দুজনৰ মাজত সৃষ্টি হোৱা কাজিয়াই ভয়াৱহ ৰূপ লয় । গাঁওখনৰে জিৰছং তেৰাং নামৰ এজন যুৱকে অতি নিৰ্মমভাবে বাঁহেৰে প্ৰহাৰ কৰি বাবু টেৰণক হত্যা কৰে । বুকুৰ কামিহাড় আৰু ৰাজহাড়ত প্ৰচণ্ড আঘাত পোৱা বাবু টেৰণে প্ৰায় তিনি ঘন্টাৰ পিছত চিকিৎসাৰ অভাৱত নিজ গৃহত প্ৰাণ ত্যাগ কৰে । পৰৱৰ্তী সময়ত হাওৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী জিৰছং তেৰাঙক কৰায়ত্ত কৰি এক গোচৰ ৰুজু কৰিছে ।

Intro:
# হাওৰাঘাটত পথাৰৰ পানী আৰু সীমাকেন্দ্ৰীকৰে বিবাদৰ বাবে এজনক বাঁহেৰে-মৰিয়াই হত্যা ৷

গণবাৰ্তা বিশেষ,ডিফু, ৩১ জুলাইঃকাৰবি আংলং জিলাৰ হাওৰাঘাটত পথাৰৰ পানী আৰু সীমা কেন্দ্ৰিক সংঘটিত হ' ল একনিৰ্মম হত্যাকাণ্ড। প্ৰাপ্ত খবৰ অনুসৰি হাওৰাঘাট থানাৰ অন্তৰ্গত অক্ কেৰেং নিহাং ইংতি গাঁৱত পথাৰৰ পানী আৰু সীমাক কেন্দ্ৰ কৰি দুজনৰ মাজত সৃষ্টি হোৱা কাজিয়াই ভয়াৱহ ৰূপ লয় কালি সন্ধিয়া। গাঁৱখনৰে জিৰছং তেৰাং (২০) নামৰ এই যুৱকজনে অতি নিৰ্মমভাবে বাঁহেৰে প্ৰহাৰ কৰে বাবু টেৰণ (৪৭) ক। বুকুৰ কামিহাড় আৰু ৰাজহাড়ত প্ৰচণ্ড আঘাত পোৱা বাবু টেৰণে প্ৰায় তিনি ঘন্টাৰ পিছত চিকিৎসাৰ অভাৱত নিজ গৃহত প্ৰাণ ত্যাগ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলতে এক শোকৰ ছাঁ পেলাইছে। পৰৱৰ্তী সময়ত হাওৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী জিৰছং তেৰাঙক কৰায়ত্ত কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে হাওৰাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪১ ধাৰাত ৫৪/১৯ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। আনহাতে হত্যাকাৰীয়ে সকলো কথা স্বীকাৰ কৰি কয় যে বাঁহেৰে তিনিবাৰকৈ প্ৰহাৰ কৰাৰ ফলত এই কাণ্ড সংঘটিত হয় । ইপিনে কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিয়া একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুত এতিয়া পৰিয়ালটোলৈ নামি আহিছে দুৰ্ঘোৰ অমানিশা ।

ছাইদুল ইছলাম, ডিফু
Body:********************Conclusion:*******************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.