ডিফু,26 জানুৱাৰী : কাৰ্বি আংলঙৰ ডিফুৰ হাওৰাঘাট তিনিআলিত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত দুখন ব্যৱসায়িক প্রতিষ্ঠানকে ধৰি তিনিটাকৈ ঘৰ ভস্মীভূত হয় । উক্ত ঘটনাত দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী মতে, পুৱা প্রায় 4 বজাত সংঘটিত হোৱা অগ্নিকাণ্ডই নিমিষতে কালৰূপ ধাৰণ কৰি অঞ্চলটোৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিজয় বসুমতাৰীৰ যান-বাহনৰ যন্ত্রপাতিৰ দোকান আৰু অৰ্জুন দাসৰ বাচন-বর্তনৰ দোকান সম্পূর্ণৰূপে ভস্মীভূত কৰে ৷
ইয়াৰোপৰি, দোকান দুখনৰ গাতে লাগি থকা জোন বৰা নামৰ লোকজনৰ বাসগৃহৰ অধিকাংশ জুইত জাহ যায় । ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনী উপস্থিত হৈ জুই প্রশমন কৰাৰ ফলত অঞ্চলটো অধিক ক্ষতিগ্রস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । অৱশ্যে বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ ৰহস্যৰ আৱৰ্তত আছে ৷
লগতে পঢ়ক : গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !