ETV Bharat / state

ইক' ছেনচেটিভ জ'ন সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা কেএছএৰ - ডিফুত কেএছএৰ সংবাদমেল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) ইক' ইক'ছেনচেটিভ জ'ন সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা কেএছএৰ (KSA demand tripartite talks) ৷ এই সিদ্ধান্তকলৈ কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে কেএছএই ৷

ksa-demand-tripartite-talks-on-eco-sensetive-zone-at-kaziranga
ইক' ছেনচেটিভ জ'ন সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা কেএছএৰ
author img

By

Published : Mar 31, 2022, 8:39 PM IST

ডিফু, 31 মাৰ্চ : বুধবাৰে অসম চৰকাৰৰ চলিত বাজেট অধিৱেশনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ইক' ছেনচেটিভ এলেকা ঘোষণা কৰাৰ সিদ্ধান্তক লৈ কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএই বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (KSA reacts to Eco sensitive zone) ৷

ডিফু-লামডিং পথৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেএছএয়ে এক সংবাদমেল আয়োজন কৰি (KSA organize press meet at Diphu) উদ্যানখনক ইক' ছেনচেটিভ জ'ন ঘোষণা কৰিলে যুগ যুগ ধৰি কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী এলেকাত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ একো সমস্যা নহয় নেকি বুলি প্ৰশ্ন কৰে কেএছএৰ সভাপতি ছিমিয়ন ৰংফাৰে (Eco Sensitive Zone in Kaziranga) ৷

ইক' ছেনচেটিভ জ'ন সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা কেএছএৰ

লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰৰ ঐতিহ্য আৰু গৌৰৱ বুলি উল্লেখ্য কৰি উদ্যানখনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত কাৰ্বি ছাত্ৰ সন্থাৰ ক’বলগীয়া একো নাই বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ এই এলেকাত বসবাস কৰা জনজাতি খিলঞ্জীয়া লোকসকলৰ ভূমিৰ ম্যাদী পট্টা থকাৰ লগতে খেতি মাটি, স্কুল, আৰু চৰকাৰী অনান্য সুবিধাও ভোগ কৰি আহিছে ৷

তেনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ 10 কিলোমিটাৰ ভিতৰলৈকে ইক' ছেনচেটিভ জ'ন সম্প্ৰসাৰণ কৰিলে তাত বসবাস কৰা সকলৰ সমস্যা নহ’ব নে বুলি প্ৰশ্ন কৰি এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় কেএছএই ৷

ইয়াৰোপৰি অসম-মেঘালয় সীমান্তৰ বিতৰ্তিত ব্লক 1 আৰু ব্লক 2 এলেকা সদ্য সম্পাদন হোৱা ঐতিহাসিক অসম-মেঘালয় সীমা চুক্তিত অন্তৰ্ভূক্ত হৈছে যদি চৰকাৰে এই কথা স্পষ্ট কৰিব লাগে (KSA demand tripartite talks on Eco sensitive zone) ৷ কাৰণ অসম-মেঘালয় সীমান্তৰ ব্লক 1 আৰু ব্লক 2 এই চুক্তিৰ জৰিয়তেও সৰ্বকালে কাৰ্বি আংলঙৰ লগত থাকিব বুলি আশাবাদী ছাত্ৰনেতা গৰাকী ৷

লগতে পঢ়ক : অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.