ডিফু, ১০ অক্টোবৰ : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰকাৰী কাৰ্বি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গক দেওবাৰে ডিফু ক্লাৱত কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷
কেএছএ বিশ্বনাথ চাৰি আলি জিলা সমিতিৰ সভাপতি অৰুণ ফাংচ'ৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অনান্য সংগঠনে এখন বাছেৰে ডিফুত উপস্থিত হৈ ডিফু ক্লাৱত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত ফুলৰ থোপা আৰু একোখনকৈ মাফলাৰেৰে চুক্তি স্বাক্ষৰকাৰী নেতা সকলক সম্বৰ্ধনা জনায় ৷
সম্বৰ্ধনা অনুষ্ঠানত চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠন সমূহৰ প্ৰাক্তন আৰু শীৰ্ষ নেতৃ সকলে চুক্তিখনৰ বিশেষত্ব আৰু ইয়াৰ সফল ৰূপায়ণ কি দৰে কৰিব পাৰি তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ সম্বৰ্ধনা সভাৰ পিছত চুক্তি স্বাক্ষৰকাৰী পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰে কয় যে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতি সন্তুষ্ট হৈ চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গৰ সম্বৰ্ধনা কাৰ্যক সংগঠন সমূহে শলাগ লৈছে ৷
চুক্তিখনত দুই পাহাৰীয়া জিলাৰ বাহিৰত থকা অৰ্থাত ভৈয়ামৰ কাৰ্বি সকলৰ বাবে চুক্তিখনৰ ৩/৫ আৰু ৩/৬ দফাত বিশেষ সুবিধা ৰাখিছে ৷ সেই মৰ্মে ভৈয়ামৰ কাৰ্বি সকলৰ বাবে অনুসূচীত জনজাতিৰ মৰ্যদাৰ দিয়াৰ বাবে সংগঠন সমূহ সংকল্পবদ্ধ ৷ অৱশ্যে উক্ত বিষয়টো অৱগত কৰি বিশ্বনাথ চাৰিআলিৰ কেএছএই চুক্তি স্বাক্ষৰকাৰী ছয় উগ্ৰপন্থী সংগঠন সমূহৰ ওচৰত স্মাৰকপত্ৰ অৰ্পন কৰিছিল বুলি জানিব পৰা গৈছে ৷ আগত দিনত সময়ত উক্ত বিষয় ভাৰতীয় সংবিধান সংশোধন কালত অন্তৰ্ভুক্ত কৰা হ’ব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
ইয়াৰোপৰি নেতা গৰাকীয়ে ভৈয়ামৰ কাৰ্বি সকলৰ বাবে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউঞ্চিল গঠনৰ যোগেদি ভৈয়ামৰ কাৰ্বি সকলৰ উন্নয়ন সাধন কৰা হব বুলি কয় ৷ আনহাতে কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ সভাপতি অৰুণ ফাংচ'ৱে সাংবাদিকৰ আগত কয় যে, শান্তি চুক্তিৰ দফা ৩/৫ আৰু ৩/৬ অনুসৰি ভৈয়ামৰ কাৰ্বি সকলৰ উন্নয়নৰ লগতে অনুসূচীত জনজাতিৰ মৰ্যদা পাব বুলি কেএছএ আশাবাদী ৷
চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গক সম্বৰ্দ্ধনা জনাবলৈ পাই কেএছএ অতিকৈ সুখী বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠাত চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ কেউগৰাকী শীৰ্ষ নেতাৰ লগত চুক্তি স্বাক্ষৰৰ মধ্যস্থতাকাৰী জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক বৰছিং ৰংফাৰো উপস্থিত থাকে ৷