ডিফু, ৪ জুলাই : কাৰ্বি ভাষাৰ নিজস্ব লিপি সহ বৰ্ণমালা আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে কাৰ্বি আংলং য়ুথ এডুকেছন প্ৰজেক্ট কমিটিৰ উপ সভাপতি ৰবিনচন টেৰণে ৷ এই বিষয়ত বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলতে কাৰ্বি ভাষাৰ লিপি সহ বৰ্ণমালা আৱিষ্কাৰ কৰা বুলি সদৰি কৰে ৰবিনছন টেৰণে ৷
ৰবিনছন টেৰণে কয়, ভূমিপুত্ৰ কাৰ্বি জনজাতিৰ লোক সকলে বিশ্ব দৰবাৰত নিজকে স্বনিৰ্ভৰশীল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এইক্ষেত্ৰত কাৰ্বি সকলে কিঞ্চিত সফলতা লাভ কৰিছে যদিও নিজস্ব ভাষাৰ লিপি আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে বিগত ১৫-১৬ বছৰৰ পৰা জিলাখনৰ ৫-৬ গৰাকী ব্যক্তিয়ে কাৰ্বি লিপিৰ বাবে প্ৰচেষ্টা চলাইছে যদিও সফল হোৱা নাই ৷
লগতে পঢ়ক: ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে দেশৰ ভিন্ন স্থানলৈ ৰপ্তানি হ’ব অসমৰ থলুৱা খাদ্য সম্ভাৰ
লগতে কাৰ্বি ভাষাৰ নিজস্ব লিপিৰ বাবে যোৱা ২৩ বছৰে নিৰবিছিন্ন সাধনাৰ ফলত সাংকেতিক চিহ্ন সহ মুঠ ৪৬ টা লিপিৰ বৰ্ণমালা আৱিষ্কাৰ কৰা বুলি দাবী কৰে ৰবিনচন টেৰণে ৷ ইয়াৰে ৩৬ টা বৰ্ণ আৰু বাকী সমূহ সাংকেতিক চিহ্ন ৷ উক্ত বৰ্ণমালাৰ সহায়ত সকলোৱে কাৰ্বি ভাষাৰ লগতে ইংৰাজী, অসমীয়া, হিন্দী আদি ভাষা লিখিব পাৰিব বুলি কয় টেৰণে ৷
উক্ত লিপিৰ জৰিয়তে নাম, বৰ্ণনা আদি দিব পাৰিব বুলিও টেৰণে দাবী কৰে ৷ ৰবিচন টেৰণে আৱিষ্কাৰ কৰা কাৰ্বি লিপি সমূহ উচ্চাৰণ কৰি শুনোৱাৰ লগতে লিপি সমূহ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে ৷ পৰৱৰ্তী পৰ্যায়ত কাৰ্বি সংখ্যা আৱিষ্কাৰৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে হাতে লিখা বৰ্ণমালা সমূহ মুদ্ৰন আকাৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব বুলিও সদৰি কৰে ৰবিচন টেৰণে ৷
লগতে পঢ়ক: এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং