ETV Bharat / state

ডাঃ নোমল মমিনক ক্ষমা খোজাৰ দাবী কেএফএৰ

author img

By

Published : Mar 29, 2021, 10:46 PM IST

বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ বক্তব্যকলৈ জাঙুৰ খাই উঠিছে কাৰ্বি দল সংগঠন ৷ ডাঃ মমিনক ক্ষমা খোজাৰ দাবী কেএফএৰ ৷ কাৰ্বি আংলঙৰ সংগঠন সমূহক উদ্দেশ্যি মৃত, মূল্যহীন, দালাল, আৰু টকা খোৱা" বুলি মন্তব্য কৰাৰ অভিযোগ মমিনৰ বিৰুদ্ধে ৷

k f a demands apology from dr numal momin
ডাঃ নোমল মমিনক ক্ষমা খোজাৰ দাবী কেএফএৰ

ডিফু, 29 মাৰ্চ: বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে কাৰ্বি সংগঠন সমূহক বিৰুপ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি ডাঃ মমিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বি দল সংগঠন সমূহ ৷ অভিযোগ অনুসৰি একাংশ সামাজিক আৰু বৈদ্যুতিন মাধ্যমত কাৰ্বি আংলঙৰ সংগঠন সমূহক উদ্দেশ্যি ডাঃ মমিনে মৃত, মূল্যহীন, দালাল, আৰু টকা খোৱা বুলি মন্তব্য কৰিছিল ৷

ডাঃ নোমল মমিনক ক্ষমা খোজাৰ দাবী কেএফএৰ

মমিনৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠি দেওবাৰে কাৰ্বি আংলঙৰ বিভিন্ন একাংশ সংগঠনে ডিফু চহৰত ডাঃ মমিনৰ প্ৰতিমুৰ্তি দাহ কৰাৰ পাছত সোমবাৰে জিলাখনৰ কাৰবি ফাৰ্মাৰ্চ এছ'চিয়েচন চমুকৈ কেএফএ য়ে কেএফএৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক গৰাকীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷

সংগঠনটোৰ সভাপতি সম্পাদক ক্ৰমে টিংকু ইংতি আৰু চৰণছিং ৰংপিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কাৰ্বি আংলঙৰ ছাত্ৰ আৰু সামাজিক সংগঠনৰ লগতে কেএলএ আৰু কেচিএছেও পাৰ্বত্য এলেকাত বসবাস কৰা জনজাতি সকলৰ নিৰাপত্তাৰ অধিকাৰ পৰিচয়ৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আহিছে ৷ তেনেক্ষেত্ৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী গৰাকীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক আখ্যা দি সংগঠনটোৱে ডাঃ মমিনক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: ডিমা হাচাওত নিৰ্বাচনৰ কামত গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.