ডিফু, 7 অক্টোবৰ : অসম আৰু গুজৰাটৰ লোকসকলৰ মাজত থলুৱা লোক সংস্কৃতিৰ বিনিময়ৰ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে পৰা বোকাজান নগৰৰ চাৰি নং ৱার্ডত থকা বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠান ৷ বৃহস্পতিবাৰে পুৱা বোকাজান নগৰত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিদর্শন বাংলোত বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে এক সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে ৷
উপাধ্যক্ষ গৰাকীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি, এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহুনৃত্যকে ধৰি কাৰ্বি, বড়ো, আদিবাসী, গাৰো আদি সকলো জাতি জনগোষ্ঠীৰে লোক সংস্কৃতিসমূহ প্ৰদর্শন কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ঠিক সেইদৰে গুজৰাটৰ পৰা আহি ইতিমধ্যে অসমত উপস্থিত হোৱা কুৰিজনীয়া শিল্পীৰ দলটোৱে শুজৰাটৰ লোক-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে ৷
আনহাতে, বহিঃৰাজ্যৰ শিল্পীৰ দলে উক্ত অনুষ্ঠানত বিহুনৃত্য প্ৰদর্শন কৰাৰ লগতে গুজৰাটৰ পৰা অহা শিল্পীৰ দলটোৱে অসমৰ শিল্পীসকলে ব্যৱহাৰ কৰিব পৰাকৈ 'দাণ্ডিয়া নৃত্যৰ যথেষ্টখিনি সজুলি লগত লৈ অহা বুলি জানিবলৈ দিয়ে ৷
এই সাংস্কৃতিক বিনিময় অনুষ্ঠানত শুকুৰবাৰে ভাৰত চৰকাৰৰ যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দেবুছিং জেছিংভাই চৌহান মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ লগতে অনুষ্ঠানটোত গুজৰাটৰ সাংসদ দীপছিং শংকবছিং ৰাথোড় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷
লগতে পঢ়কঃ ড৹ কেশৱ মহন্ত আৰু ড৹ চন্দ্ৰমোহন পাটোৱাৰীক চিনি পায়নে ?