ETV Bharat / state

অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ চূড়ান্ত বিজয়ী খিতাপ দখল কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ

Assam State Premier League: অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত চিৰাং দুৱাৰক ৫-৩ গ'লত হৰুৱাই কাৰ্বি আংলং মৰ্ণিং ষ্টাৰে বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয় । যোৱা ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল চেম্পিয়নশ্বিপখন ।

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:13 AM IST

Updated : Jan 9, 2024, 9:39 AM IST

Final match of Assam State Premier League Football Championship
অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ চূড়ান্ত খেল

ডিফু,৮ জানুৱাৰী: সোমবাৰে ডিফুৰ অত্যাধুনিক কাছা ষ্টেডিয়ামত অসম ফুটবল সন্থাৰ উদ্যোগত অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৷ চূড়ান্ত খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি দলে চিৰাং দুৱাৰ এফচিক ৫-৩ গ'লৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷ যোৱা ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ডাবল লীগ পৰ্যায়ৰ প্ৰতিযোগিতাখনত মুঠ ৫৬ খন খেল অনুষ্ঠিত হয় ৷

সমগ্ৰ লীগটোত অসমৰ মুঠ আঠটাকৈ দলে অংশ গ্ৰহণ কৰে ৷ চূড়ান্ত খেলখন অনুষ্ঠিত হয় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি বনাম চিৰাং দুৱাৰ এফচিৰ মাজত ৷ খেলখন আৰম্ভনিৰ পূৰ্বে খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়া হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অল ইণ্ডিয়া ফুটবল ফেডাৰেছনৰ সভাপতি কল্যাণ চৌবে, অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, সম্পাদক চাংৰাং ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ৷

খেলৰ প্ৰথমাৰ্দ্ধত চিৰাঙ দুৱাৰ এফচিয়ে ঘৰুৱা দল কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচিতকৈ ২-১ গ'লৰ অগ্ৰগতি লাভ কৰে ৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক চূড়ান্ত খেলখনত দুয়োটা দলে এখন উত্তেজনাময় খেল প্ৰদৰ্শন কৰে ৷ খেলৰ দ্বিতীয়াৰ্দ্ধত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ দলে পুনৰ চিৰাং দুৱাৰ এফচি দলৰ নেটত এক গ'ল দি খেলখন ড্ৰ' কৰিবলৈ সক্ষম হয় ৷ নিৰ্ধাৰিত সময়ত খেলখন ২-২ গ'লত সম্পন্ন হয় ৷

ইয়াৰ পিছত অতিৰিক্ত সময়ৰ প্ৰথমাৰ্দ্ধত কোনো দলে গ'ল কৰিবলৈ সুযোগ নাপালে যদিও অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্দ্ধত ঘৰুৱা দল মৰ্ণিং ষ্টাৰ এফচিয়ে চিৰাং দুৱাৰ এফচিক তিনিটাকৈ গ'ল দি দলক ৫-২ ৰ অগ্ৰগতি প্ৰদান কৰে ৷ খেলখন পৰিচালনা কৰে জেহিৰুল ইছলামে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে নিৰ্মল ভট্টাচাৰ্যয়ে ৷

লগতে পঢ়ক: গুণোৎসৱৰ নামত আজৱ কাণ্ড, টিঙৰ ওপৰত দুই ছাত্ৰ

Last Updated : Jan 9, 2024, 9:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.