ETV Bharat / state

কাৰ্বি আংলং বিজেপিৰ ইবুকৰ শুভ উন্মোচন - আংলং স্বায়ত্ত শাসিত পৰিষদ

কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টীৰ ইবুকৰ শুভ উন্মোচন কৰা হয় ৷ ইবুকখন বৰ্তমান সময়ত হিন্দী, ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত 9 টা ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত ৷

E-Book Inauguration In Karbi Anglang
কাৰ্বি আংলং বিজেপিৰ ইবুকৰ শুভ উন্মোচন
author img

By

Published : Sep 27, 2020, 7:52 PM IST

ডিফু, 27 ছেপ্তেম্বৰ : ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত দেওবাৰে বিজেপিৰ ইবুকৰ শুভ উন্মোচন কৰা হয় ৷ তিনি পাৰ্বত্য জিলাৰ হৈ ডিফু জনজাতি লোকসভা সমষ্টিৰ একমাত্ৰ সাংসদ হৰেণছিং বে' আৰু বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন আৰু পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহিৰ লগতে জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত ডিফুৰ মাটিপুঙস্থিত আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সভাকক্ষত ইবুকৰ শুভ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

কাৰ্বি আংলং বিজেপিৰ ইবুকৰ শুভ উন্মোচন

ইয়াৰ পূৰ্বে উপস্থিত বিজেৰিৰ কৰ্মকৰ্তা সকলক উদ্দেশ্যি গুৱাহাটীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ দিয়ে ৰাজ্যিক বিজেপিৰ ইবুকৰ আহ্বায়ক তথা জ্যেষ্ঠ বিজেপি নেতা বিজয় কুমাৰ গুপ্তাই ৷ ভাষণ প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগ, মন কী বাত অনুষ্ঠানৰ লগতে বিজেপিৰ বিভিন্ন উন্নয়ণমূলক কামৰ খতিয়ান এই ইবুকৰ জৰিয়তে পোৱা যাব বুলি কয় ৷

লগতে পঢ়ক : কলিয়াবৰত বিশ্ব পৰ্যটন দিৱস উদ‌যাপন

ইবুকখন বৰ্তমান সময়ত হিন্দী, ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰ সংঘৰ স্বীকৃতিপ্ৰাপ্ত 9 টা ভাষাতো ইয়াক কৰা হ'ব বুলি মন্তব্য কৰে ৷ পৰৱৰ্তী সময়ত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, উন্মোচিত হোৱা ইবুকখনত চৰকাৰ আৰু জিলা বিজেপি দলৰ বিভিন্ন উন্নয়ণমূলক কাম-কাজ সমূহ সন্নিবিষ্ট কৰা হৈছে ৷

ইয়াৰোপৰি লক ডাউনৰ সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বহিঃৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ পৰা কাৰ্বি আংলঙৰ পৰা কৰ্মৰত যুৱক-যুৱতী সকলক জিলাখনলৈ আহিবলৈ প্ৰদান কৰা আৰ্থিক সাহাৰ্যৰ খতিয়ান এই ইবুকত উপলব্ধ হৈছে বুলি উল্লেখ কৰিছে ৷ লগতে, বহিঃৰাজ্যৰ শ্ৰমিকৰ সাহাৰ্যাৰ্থে মুখ্য কাৰ্যবাহী সদস্যৰ সাহায়্য পুঁজিৰ পৰা 3 কোটি টকা ব্যয় কৰা হৈছে বুলি মন্তব্য কৰিছে তুলিৰাম ৰংহাঙে ৷

কাৰ্বি আংলং বিজেপিৰ ইবুকৰ শুভ উন্মোচন

আনহাতে, স্থানীয় ইএম তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰতন টেৰণ আৰু বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে সাংবাদিকৰ আগত কয় যে, উক্ত ই বুকৰ জৰিয়তে "সেৱা হী ধৰ্ম" বিজেপিৰ উদ্দেশ্যে ৰাইজে বুজিবলৈ সুযোগ পাব ৷ এই ইবুকৰ জৰিয়তে বিজেপিৰ তৃণমূল পৰ্যায়ৰ উন্নয়ণমূলক কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ণৰ কথাও গম পাব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক : বনৰীয়া হাতীৰ ত্ৰাসত উজাগৰী নিশা কটাইছে গঞাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.