ডিফু,৭ মাৰ্চ: ৰাজ্যজুৰি নির্বাচনী তৎপৰতা অব্যাহত থকাৰ মাজতে একাংশ দুষ্টচক্রই ইয়াৰ সুযােগ লৈ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযােজিত হৈ থকা কার্বি আংলং জিলাৰ মাজেৰে ড্রাগছৰ চোৰাং সৰবৰাহৰ প্রচেষ্টা অব্যাহত ৰাখিছে । কার্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে যােৱা দুটা দিনত অভিযান চলাই বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰাৰ লগতে এই সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযােগত চাৰিজনকৈ লােকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
যােৱা ৫ মার্চত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জাত তালাচী অভিযান চলাই MN-০১-AA-০৪৭১ নম্বৰৰ এখন ট্রাকৰ পৰা ৭৯৯ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হােৱা নিষিদ্ধ ড্রাগছখিনি গুৱাহাটীত বিক্রীৰ বাবে আনি থকা হৈছিল ।
আনহাতে, এই সূত্রৰ আঁত ধৰি কাৰ্বি আংলং জিলা আৰক্ষী, যােৰাবাট আৰক্ষী আৰু গুৱাহাটীৰ অপৰাধ শাখাৰ এটা দলে যােৰাবাটত অভিযান চলাই ড্রাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযােগত আন চাৰিজন লােকক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা লােককেইজন ক্রমে আগন বৌঁচান, জীতেন আগম, নবানি এম সিং আৰু ৰণেল পি সিং বুলি চিনাক্ত কৰা হৈছে । গ্রেপ্তাৰ কৰা আটাইকেইটা অপৰাধীকে ইতিমধ্যে আদালতলৈ প্রেৰণ কৰা হৈছে ।
লগতে পঢ়ক:ৰংবং তেৰাঙলৈ সাহিত্য সূর্য্য বঁটা