ডিফু, 9 ফেব্ৰুৱাৰীঃ বৃহৎ সফলতা কাৰ্বি আংলং আৰক্ষীৰ ৷ বকলীয়াঘাটৰ বিস্ফোৰণৰ লগত জড়িত ডিএনএলএ কেডাৰক দলদলীত আটক কৰে আৰক্ষীয়ে ৷ বিগত কেইবামাহ ধৰি কাৰ্বিভূমি তথা ইয়াৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত কূটাঘাট আৰু ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ডিমাছা উগ্ৰপন্থী সংগঠন ডিএনএলএৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে চলাইছে কেইবাটাও সফল অভিযান ৷ সংগঠনটোৰ স্বয়ম্ভু সেনাধ্যক্ষগৰাকীক আৰক্ষীয়ে কিছুদিন আগত আটক কৰাৰ পিচত ডিএনএলএৰ আন এটা দুৰ্ধৰ্ষ কেডাৰক শনিবাৰে আটক কৰিবলৈ সক্ষম হয় কাৰ্বি আংলং আৰক্ষী ৷
উল্লেখ্য যে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত শনিবাৰে বকলীয়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু কিংকৰ বসুমতাৰীৰ নেতৃত্বত লাহৰিজান আৰু ধনশিৰি আৰক্ষীৰ লগতে চিআৰপিএফৰ আৰু কোব্ৰা ৰেজিমেণ্টৰ এটা অভিযানকাৰী দলে জিলাখনৰ দলদলী সীমান্তৱৰ্তী এলেকাত অভিযান চলাই উগ্ৰপন্থী সদস্যগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত উগ্ৰপন্থী সদস্যজন বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপথাৰ নগৰজানৰ উজ্জল হাফলঙবাৰ ওৰফে নগৰ বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত উগ্ৰপন্থী সদস্যজনৰ পৰা কোনো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও আপত্তিজনক নথি- পত্ৰ উদ্ধাৰ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে ৷
উল্লেখযোগ্য বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বকলিয়াঘাটৰ এজন ব্যৱসায়ীৰ বাসগৃহৰ বেৰত উগ্ৰপন্থী সংগঠনটোৱে বোমা বিস্ফোৰণ ঘটাই আতংকৰ সৃষ্টি কৰিছিল ৷ উগ্ৰপন্থী সদস্যজন উক্ত বিস্ফোৰণৰ অভিযোগত অভিযুক্ত থকাৰ ইতিমধ্যেই গোচৰ ৰুজু কৰা হৈছিল ৷ আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিতে ধৃত সদস্যজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ৷