ETV Bharat / state

ডিফুত আছুৰ গণ সত্যাগ্ৰহ - ডিফুত গণ সত্যাগ্ৰহ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহ ৷ এই আইনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই অসমৰ ৰাইজে মানি নলয় ৷

DIPHU CAA PROTEST
ডিফুত আছুৰ গণ সত্যাগ্ৰহ
author img

By

Published : Dec 16, 2019, 11:54 PM IST

ডিফু,16 ডিচেম্বৰঃ ৰাজ্যজুৰি স্তিমিত হোৱা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ ৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহৰে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ অংশ স্বৰূপে ১৬, ১৭,আৰু ১৮ ডিচেম্বৰত ছাত্ৰ সংগঠনটৰ আহ্বান মৰ্মে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কাৰ্বি আংলং আছুৰ উদ্যোগত আৰু জাতীয় দল সংগঠন লগতে ডিফুবাসী ৰাইজৰ সহযোগত গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ আৰম্ভ হৈছে ৷

ডিফুত আছুৰ গণ সত্যাগ্ৰহ

ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কত বিশিষ্ট সাহিত্যিক,বুদ্ধিজিৱী জ্যেষ্ঠ সাংবাদিক,শিল্পী,ডিফুবাসী ৰাইজ আৰু আছুৰ শতাধিক সদস্যই সমবেত হৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে কয় যে,এই আইনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যেই অসমৰ ৰাইজে মানি নলয় ৷

৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত সম্পাদিত হোৱা অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২4 মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীৰ বোজা অসমে বহন নকৰে বুলি যদিও এই আইনৰ জৰিয়তে অসম চুক্তিৰ অৱমাননা কৰি বাংলাদেশীক চৰকাৰে দেশত নাগৰিকত্ব দিয়াৰ সু-ব্যৱস্থা কৰি দিছে বুলি আজিৰ গণ সত্যাগ্ৰহত অংশ গ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই কয় ৷ ইয়াৰ পিছত প্ৰতিবাদকাৰী সকলে ডিফুৰ একাংশ চুবুৰীয়ে তথা ৱাৰ্ডে মিলি সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰ বিৰোধী শ্ল'গান দি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আৰু পঢ়কঃ ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব

Intro:Body:

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহ ৷

----------------------------------------

ডিফু:- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলতৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ অংশ স্বৰূপে ১৬, ১৭, আৰু ১৮ ডিচেম্বৰত ছাত্ৰসংগঠনটৰ আহ্বান মৰ্মে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কাৰবি আংলং আছুৰ  উদ্যোগত আৰু জাতীয় দল সংগঠন লগতে ডিফুবাসী ৰাইজৰ সহযোগত গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ আৰম্ভ হৈছে ৷ ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কত বিশিষ্ট সাহিত্যিক, বুদ্ধিজিৱী জ্যেষ্ঠ সাংবাদিক,  শিল্পী, ডিফুবাসী ৰাইজ আৰু  আছুৰ শতাধিক সদস্যই সমবেতহৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে  কয়যে, এই আইনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব ৷ নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই অসমৰ ৰাইজে মানি নলয়, ৷  ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত সম্পাদিত হোৱা অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু - মুছলমান সকলো বিদেশীৰ বোজা অসমে বহন নকৰে বুলি যদিও  এই আইনৰ জৰিয়তে অসম চুক্তিৰ অৱমাননা কৰি বাংলাদেশীক চৰকাৰে দেশত নাগৰিকত্ব দিয়াৰ সুব্যৱস্থা কৰি দিছে বুলি আজিৰ গণ সত্যাগ্ৰহত অংশ গ্ৰহণ  কৰা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই কয় ৷ ইয়াৰ পিছত প্ৰতিবাদকাৰী সকলে ডিফুৰ একাংশ চুবুৰীয়ে, চুবুৰীয়ে ৱাৰ্ডে ৱাৰ্ডে সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰ বিৰোধী শ্ল'গান দি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্থ কৰে ৷ 

ছাইদুল ইছলাম, ডিফু ৷৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.