ETV Bharat / state

ডিফুত মুখ্য বন বিষয়াৰ বাসভৱন আৰু কাৰ্যালয়ত দূৰ্নীতি নিবাৰক শাষাৰ অভিযান - কাৰ্বি আংলং

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য বন সংৰক্ষক, অভিজিৎ ৰাভাৰ ডিফুস্থিত চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই এক তালাচী অভিযান চলায় ৷ অভিযানত কেইবাটাও ফাইল জব্দ কৰাৰ লগতে কিছু পৰিমানৰ নগদ ধন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷

মুখ্য বন সংৰক্ষক
মুখ্য বন সংৰক্ষক
author img

By

Published : Feb 7, 2020, 11:26 PM IST

ডিফু, 7 ফেব্ৰুৱাৰীঃ ডিফুত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য বন সংৰক্ষক, অভিজিৎ ৰাভাৰ ডিফুস্থিত চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলায় ৷ কেইবাঘন্টাজুৰি চলা এই তালাচী অভিযানত অভিযানকাৰী দলটোৱে, বন বিষয়া গৰাকীৰ বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলাই কেইবাটাও ফাইল জব্দ কৰে ৷ দলটোৱে বন বিষয়া গৰাকীৰ চৰকাৰী বাসভৱনৰ পৰা কিছু পৰিমানৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷

ডিফুত মুখ্য বন সংৰক্ষকৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত তালাচী অভিযান

উল্লেখ্য যে, অসম চৰকাৰৰ জ্যেষ্ঠ বন বিষয়া গৰাকীক 'হেড অৱ ফৰেষ্ট ফৰ্চ' পদৰ পৰা নিলম্বিত কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিৰুদ্ধে বিষয়া গৰাকীয়ে আদালতৰ দ্বাৰস্থ হোৱাত আদালতে, শেহতীয়াকৈ বিষয়া গৰাকীৰ সপক্ষে ৰায়দান কৰে ৷ বিষয়া গৰাকীৰ বিৰুদ্ধে চলা এই অভিযানৰ অন্তৰালত ৰহস্য লুকাই থকা বুলি সন্দেহ ব্যক্ত কৰিছে বিভিন্ন পক্ষই ৷

লগতে পঢ়ক ঃ চিকিৎসালয় আছে, নাই চিকিৎসক : যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে !

Intro:**ডিফুত প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ কাৰ্যালয়- বাসভৱনত দূৰ্নিতী নিবাৰকৰ তালাচী**

ডিফু, ৭ ফেব্ৰুৱাৰীঃ- ডিফুত অসম আৰক্ষীৰ দূৰ্নিতী নিবাৰক শাখাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ডিফুৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলায় ৷ সমান্তৰালভাৱে শীৰ্ষ বনবিষয়া গৰাকীৰ গুৱাহাটীৰ জু ৰোডত থকা বাস ভৱনতো দূৰ্নিতি নিবাৰকে একে সময়তে তালাচী চলায় ৷ নিশা পৰ্যন্ত কেইবাঘণ্টাজুৰি চলা এই তালাচী অভিযানৰ সময়ত বনবিষয়া গৰাকী ডিফুত উপস্থিত নাছিল ৷ অভিযানকাৰী দলটোৱে বনবিষয়া গৰাকীৰ বাসভৱন আৰু কাৰ্যালয়ত তন্ন তন্নকৈ তালাচী চলাই কেইবীটাও ফাইল জব্দ কৰে ৷ দলটোৱে বনবিষয়া গৰাকীৰ চৰকাৰী বাসভৱনৰ পৰা কিছু পৰিমানৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ অন্যতম জ্যেষ্ঠ বনবিষয়া গৰাকীক ' হেড অৱ ফৰেষ্ট ফৰ্চ' পদৰ পৰা বঞ্চিত কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিৰুদ্ধে বিষয়া গৰাকীয়ে আদালতৰ দ্বাৰস্থ হোৱাত আদালতে শেহতীয়াভাবে বিষয়া গৰাকীৰ সপক্ষে ৰায়দান কৰিছিল ৷ এনে ঘটনা ক্ৰমৰ পিছ মুহূৰ্ততে বিষয়া গৰাকীৰ বিৰুদ্ধে চলা এই অভিযানৰ অন্তৰালত ৰহস্য লুকাই থকা বুলি বিভিন্ন পক্ষই সন্দেহ ব্যক্ত কৰিছে ৷ বাতৰি লিখা পৰলৈকে অভিযীন চলি আছিল ৷Body:********Conclusion:*****
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.