ETV Bharat / state

বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল - কার্বি আংলং জিলা প্রশাসনৰ কাৰ্যালয়

ডিফু আৰু হাওৰাঘাট নির্বাচনী জিলাৰ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা প্রকাশ কৰে কাৰ্বি আংলঙৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে । ভোটাৰৰ সংখ্যা বৃদ্ধি ৷

SPECIAL SUMMERY REVISION OF PHOTO ELECTRORAL ROLL
বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:46 AM IST

বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ডিফু, 9 ডিচেম্বৰ: সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয় । কালি ডিফুস্থিত কার্বি আংলং জিলা প্রশাসনৰ কাৰ্যালয়ৰ সম্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰী কৰে জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে । নির্বাচনী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা 5,53,165 গৰাকী । হাওৰাঘাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,57,545 গৰাকী, ডিফু সমষ্টিত 2,40,944 গৰাকী আৰু বোকাজানত 1,54,676 গৰাকী ভোটাৰ । মুঠ ভোটাৰৰ বৃদ্ধিৰ সংখ্যা 50,051 গৰাকী ।

ভোটাৰৰ বৃদ্ধিৰ হাৰ প্রায় 10 শতাংশ । সমষ্টি পুনঃনির্ধাৰণ প্রক্রিয়াৰ পিছত পূব কার্বি আংলং জিলাত 651 টা ভোট কেন্দ্র হৈছে । ইয়াৰে বোকাজানত 203 টা, হাওৰাঘাটত 222 টা আৰু ডিফুত 226 টা । মুঠ 13 টা ভোট কেন্দ্র বৃদ্ধি পাইছে । আনহাতে, সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ বাবে বোকাজান সমষ্টিক 108, হাওৰাঘাট 109 আৰু ডিফুক 110 নম্বৰ সমষ্টিৰে নামাকৰণ কৰা হৈছে । ডিফু লোকসভা সমষ্টিটোক 6 নম্বৰ ডিফু অনুসূচীত জাতি লোকসভা সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে ।

8 ডিচেম্বৰৰ পৰা 8 জানুৱাৰীলৈকে ওজৰ-আপত্তিসমূহ গ্রহণ কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জনায় । ইয়াৰোপৰি ভোটাৰ অনলাইন এপ https:// voters.eci.in/portal or Eronet in office ৰ যোগেদি প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে । আনহাতে, তৃতীয় লিংগ ভোটাৰৰ সংখ্যা 19 গৰাকী বুলি সংবাদমেল যোগে সদৰী কৰা হয় । ইয়াৰোপৰি জিলাখনত যদি যৌন কর্মী আছে তেওঁলোকৰো ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাইছে নির্বাচনী বিষয়াগৰাকীয়ে ।

সংবাদমেলখনৰ পূর্বে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসকলৰ সৈতে প্রকাশ পোৱা বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা সন্দর্ভত এক বৈঠকত মিলিত হয় নির্বাচনী বিষয়াগৰাকী । সংবাদমেলখনত জিলা নির্বাচনী বিষয়া মধুমিতা ভাগৱতী, নির্বাচনী বিষয়া ব্রুহিদ ৰাভা আৰু অতিৰিক্ত উপায়ুক্ত ডেভিদ কুমাৰ বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক: ধেমাজিত দুটা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.