ETV Bharat / state

কৰ'ণাত আক্ৰান্ত দীপমণিৰ সংস্পৰ্শলৈ অহা শিশু জ্বৰ-কাঁহত আক্ৰান্ত - কৰ'ণাত আক্ৰান্ত দীপমণিৰ সংস্পৰ্শলৈ অহা শিশু জ্বৰ-কাঁহত আক্ৰান্ত

বকলীয়াঘাটৰ ১ নং উদালি গাঁৱৰ নিবাসী ভৱ কোচৰ পুত্ৰ দীপমণি কোচৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে এলেকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । দীপমণিৰ সংস্পৰ্শলৈ অহা চুবুৰীটোৰ আন দুটি শিশু জ্বৰ, চৰ্দি আৰু কাহত আক্ৰান্ত হোবাৰ ঘটনাই শিশুকেইকেইটাৰ অভিভাৱককো চিন্তিত কৰি তুলিছে।

Corona positive cases in karbi anglong diphu
কৰ'ণাত আক্ৰান্ত দীপমণিৰ সংস্পৰ্শলৈ অহা শিশু জ্বৰ-কাঁহত আক্ৰান্ত
author img

By

Published : Jun 10, 2020, 5:53 PM IST

ডিফু, ১০ জুন : ৭ জুনত বকলীয়াঘাটৰ ১ নং উদালি গাঁৱৰ নিবাসী ভৱ কোচৰ পুত্ৰ দীপমণি কোচৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে এলেকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । বিশেষকৈ হোম কোৱাৰেন্টাইনত থকা অবস্থাতো যুৱকজনে অন্য বহু লোকৰ সংস্পৰ্শলৈ অহাৰ বাতৰিয়ে অঞ্চলবাসী লোকৰ মাজত আশংকা বৃদ্ধি কৰিছে ।

Corona positive cases in karbi anglong diphu
কৰ'ণাত আক্ৰান্ত দীপমণিৰ সংস্পৰ্শলৈ অহা শিশু জ্বৰ-কাঁহত আক্ৰান্ত

বিগত সময়ছোৱাত দীপমণিৰ সংস্পৰ্শলৈ অহা চুবুৰীটোৰ আন দুটি শিশু জ্বৰ, চৰ্দি আৰু কাঁহত আক্ৰান্ত হোবাৰ ঘটনাই শিশুকেইকেইটাৰ অভিভাৱককো চিন্তিত কৰি তুলিছে।

ইফালে,দীপমণি কোচ কৰ’ণাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতো যুৱকজনৰ পৰিয়াল অথবা চুবুৰীয়া কোনো লোকৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বাব সংগ্ৰহ কৰা হোৱা নাই । ইয়াকে লৈ দীপমণিৰ পৰিয়াল তথা অন্য লোকসকল উদ্বিগ্ন হৈ পৰিছে। এই সন্দৰ্ভত বকলীয়াঘাট অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত এইসকল লোকৰ নমুনা সংগ্ৰহৰ বাবে পৰ্যাপ্ত কিট নথকাৰ বাবেই নমুনা সংগ্ৰহ কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে। অৱশ্যে দুই এদিনতে ইয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও চিকিৎসালয়ৰ তৰফৰ পৰা সদৰি কৰে। ইয়াৰ মাজতে বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণ, উপাধ্যক্ষা অনিতা হাজৰিকা,ৱাৰ্ড কমিছনাৰ বিজয় হাঞ্চে,প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত পৌৰসভাৰ এটা প্ৰতিনিধি দলে এলেকাটোৰ হোম কোৱাৰেন্টাইন আৰু কন্টেইনমেন্ট এলেকাত থকা লোকসকলৰ অৱস্থা আৰু সুবিধা-অসুবিধাৰ বুজ লয় । এনেদৰে ক’ৰ’নাৰ সংক্ৰমণৰ আশংকাত নিজ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা লোকসকলক পৌৰসভাৰ তৰফৰ পৰা খাদ্য সামগ্ৰীকে ধৰি সকলো সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ।

১নং উদালি গাঁৱৰ ৰাইজেও আজি নিজাববীয়াকৈ পুঁজি সংগ্ৰহ কৰি কন্টেইনমেন্ট এলেকাত থকা পৰিয়ালসমূহক বিভিন্ন সাহাৰ্য সামগ্ৰী প্ৰদান কৰে।
লগতে পঢ়ক : বাঘজান কাণ্ডৰ উচ্চস্তৰীয় কমিটি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.