ডিফু ৪ মার্চ : কাৰ্বি আংলং জিলাৰ কেইবাটাও উগ্রপন্থী সংগঠনে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰাৰ পাচতে ২৫ ফেব্রুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত চুক্তি স্বাক্ষৰিত হােৱাৰ কথা আছিল যদিও উক্ত দিনটোত কোনাে চুক্তিত স্বাক্ষৰিত হােৱা পৰিলক্ষিত নহ'ল । ইয়াৰ পৰিৱর্তে বিদ্রোহী সংগঠনসমূহে ডিফুত এক সংবাদমেলৰ আয়ােজন কৰি আলােচনা সঠিক দিশত অগ্রসৰ হােৱাৰ লগতে অতি শীঘ্রে চৰকাৰৰ সৈতে সংগঠনসমূহৰ শান্তিচুক্তি স্বাক্ষৰিত হােৱাৰো নিশ্চিত প্রদান কৰিছিল ।
কিন্তু বৃহস্পতিবাৰে ডিফুত এক সংবাদমেলৰ আয়ােজন কৰি প্রস্তাৱিত শান্তি চুক্তি প্রসংগত কেতবােৰ আশংকা ব্যক্ত কৰিছে জিলাখনৰ বিভিন্ন সামাজিক দল-সংগঠনৰ উমৈহতীয়া মঞ্চ কনভেনিং কমিটি ফৰ ইউনিফিকেশান চমুকৈ চিচিইউৰে ।
চিচিইউৰ মুখ্য আহ্বায়ক ছয়ছিং ৰংপি, উপদেষ্টা খৰছিং টেৰণৰ উপস্থিতিত সংবাদমেল সম্বােধন কৰি চিচিইউৰ উপ-সভাপতি ৰবীন্দ্র ৰংপিয়ে সশস্ত্র পন্থা ত্যাগ কৰি শান্তি আলােচনাৰ বাবে অগ্রসৰ হােৱা বিদ্রোহী সংগঠনসমূহৰ এনে সিদ্ধান্তক চিচিইউৰ তৰফৰ পৰা আদৰণি জনায় ৷ লগতে এই সম্পর্কত গ্রহণ কৰা সক্রিয় ভূমিকাৰ বাবে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙকো প্রশংসা কৰে ।
কার্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীত চলি থকা আন্দোলনৰ পৰিপেক্ষিততে এএছডিচিৰ সৈতে ১৯৯৫ চনত এম অ ইউ আৰু ২০১১ চনত ইউপিডিএছৰ সৈতে এমঅএছ চুক্তি স্বাক্ষৰিত হৈছে যদিও উক্ত দুয়ােখন চুক্তিতে জিলাখনৰ মূল ৰাজনৈতিক দাবীক অগ্রাহ্য কৰা হল বুলি নেতাগৰাকীয়ে কয় । তেনেস্থলত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া চুক্তিত এলেকাটোৰ মূল ৰাজনৈতিক দাবী পূ্ৰণৰ কোনাে ব্যৱস্থা নাথাকিলে এনে চুক্তি জিলাখনৰ সাধাৰণ জনতাই কোনাে কাৰণতে মানি নলয় বুলি উপ-সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷
ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখন স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবী কেৱল কোনাে ব্যক্তি বা সংগঠন বিশেষৰ দাবী নহয় বৰঞ্চ ই সমগ্র পাহাৰীয়া জিলাবাসীৰ সাংবিধানিক, গণতান্ত্রিক আৰু দীর্ঘদিনীয়া ৰাজনৈতিক দাবী বুলি মন্তব্য কৰি জিলাখনৰ সমস্যা সমূহ স্থায়ী সমাধানৰ বাবে মঞ্চই দাবী জনায় । কার্বি আংলঙৰ ৰাজনৈতিক দাবী সন্দর্ভত ৰাষ্ট্রীয় নেতাৰ স্থিতিক কঠুৰ ভাষাৰে সমালােচনা কৰি বিজেপি চৰকাৰ স্বায়ত্বশাসিত ৰাজ্যৰ সপক্ষে নহয় বুলি ক্ষোভ প্রকাশ কৰে ৰবীন্দ্র ৰংপিয়ে ।
ৰাষ্টীয় দলসমূহ কার্বি আংলঙৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে মুঠেই আগ্রহী নহয় ৷ গতিকে ৰবীন্দ্র ৰংপিয়ে বিকল্প ৰাজনৈতিক শক্তি গঢ়ি তােলাৰ স্বার্থত স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত সহমত সকলাে ৰাজনৈতিক শক্তিকে ঐক্যবদ্ধভাবে সমাগত নির্বাচনত বিজেপি দলৰ বিৰুদ্ধে একগােট হ'বলৈ আহ্বান জনায় ৷ বিধানসভাৰ মজিয়াতাে কার্বি আংলঙৰ সমস্যা ৰাজীক দাঙি ধৰাৰ ক্ষেত্রত জিলাখনৰ পৰা বিধানসভালৈ নির্বাচিত হােৱা সদস্যসকলেও কোনাে ভূমিকা গ্রহণ নকৰিলে, ৰবীন্দ্র ৰংপিয়ে কয় ৷
লগতে পঢ়ক: ৰিপ’ৰ্ট কাৰ্ড: ধেমাজি জিলাৰ দুটা সমষ্টিৰ সবিশেষ বিৱৰণ...