ETV Bharat / state

২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ চাহ বাগানত বিজেপিৰ সংকল্প যাত্ৰা - public relations programme

অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সপ্তাহজুৰি চলিবলগীয়া বিজেপিৰ উন্নয়নৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে ৰাজ্যৰ ২৮ খন জিলাৰ চাহ বাগানতো এলানি কাৰ্যসূচীৰে সংকল্প যাত্ৰা অনুষ্ঠিত হ'ব ৷

BJP sankalpa yatra in tea gardens
২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ চাহ বাগানত বিজেপিৰ সংকল্প যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:48 PM IST

২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ চাহ বাগানত বিজেপিৰ সংকল্প যাত্ৰা

ডিফু, ২৬ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সিদ্ধান্তমৰ্মে অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ ৰাজ্যৰ চাহ বাগানসমূহত বিজেপিৰ উন্নয়নৰ সংকল্প যাত্ৰা অভিযান চলিব ৷ এই উপলক্ষে দেওবাৰে কাৰ্বি আংলং জিলাত উপস্থিত হোৱা চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে ডিফুৰ কৃষি অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰে ৷

সংবাদমেলত চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে কয় যে ৰাজ্যিক বিজেপিৰ সিদ্ধান্তমৰ্মে অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সপ্তাহজুৰি চলিবলগীয়া বিজেপিৰ উন্নয়নৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে ৰাজ্যৰ ২৮ খন জিলাৰ চাহ বাগানতো এলানি কাৰ্যসূচীৰে সংকল্প যাত্ৰা অনুষ্ঠিত হ'ব ৷

অহা ২৮ নৱেম্বৰত বিশ্বনাথ জিলাত উন্নয়নৰ সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ অসম প্রদেশ চাহ জনগোষ্ঠী মৰ্চাই সমগ্র অসমৰ ২৭ খন সাংগঠনিক জিলাত চাহ জনগোষ্ঠী মৰ্চাৰ সকলো স্তৰৰ কাৰ্যকর্তাই উন্নয়নৰ সংকল্প যাত্রা কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ উন্নয়নৰ সংকল্প যাত্ৰাৰ এই কাৰ্যসূচীৰ জৰিয়তে চাহ জনগোষ্ঠীৰ ৰাইজে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা কেনেদৰে উপকৃত হৈছে আৰু কোনো প্রকৃত হিতাধিকাৰী কোনো আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি এই সম্পর্কে কাৰ্যকর্তাসকলে ইয়াৰ তথ্য সংগ্রহ কৰিব ।

চাহ জনগোষ্ঠী মৰ্চাৰ কাৰ্যকৰ্তাসকলে অসমৰ প্ৰতিখন চাহ বাগিচাত আৰু চাহ জনগোষ্ঠীয় লোকৰ বসতিপ্রধান গাঁও অথবা বস্তিত উন্নয়নৰ সংকল্প যাত্রা কাৰ্যসূচী ৰূপায়ণ কৰিব । উন্নয়নৰ সংকল্প যাত্ৰাৰ এই কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ আৰু বিধায়কসকলৰ উপৰি দলৰ অন্যান্য জন প্রতিনিধিসকলে নিজ নিজ এলেকাত অংশগ্রহণ কৰিব ।

উন্নয়নৰ সংকল্প যাত্রা কার্যসূচীত বিশেষভাৱে কাৰ্যকর্তাসকলে চাহ শ্রমিকসকলৰ ৰেচন কার্ড, আয়ুষ্মান ভাৰত কাৰ্ড, আধাৰ কার্ড আছেনে নাই, ভোটাৰ কার্ডত থকা ভুল নাম সংশোধন আৰু নতুন ভোটাৰৰ নাম সংযোজন আদি বিষয়বোৰৰ সবিশেষ তথ্য সংগ্রহ কৰা হ'ব বুলি জনায় সভাপতিগৰাকীয়ে ।

ইয়াৰ উপৰি উন্নয়নৰ সংকল্প যাত্ৰাৰ এই কার্যসূচীত বিজেপিৰ কার্যকর্তাসকলে যিসকল চাহ শ্রমিকে ওৰেটো জীৱন চাহ বাগিচাত কাম কৰি বগিচাৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছোতো ভৱিষ্যনিধিৰ ধন আৰু গ্রেছুইটীৰ ধন লাভ কৰা নাই, সেইসকল চাহ শ্রমিকৰ অৱসৰ গ্রহণ কৰা তাৰিখসহ শ্রমিকজনৰ পি এফ নম্বৰ সংগ্রহ কৰা হ'ব বুলিও সভাপতি দুলেন নায়কে সংবাদমেলত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ডিব্ৰুগড়ত ৰনডংকা আপ অসমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.