ডিফু, ২৫ নৱেম্বৰ: অবৈধ ড্ৰাগছ সৰবৰাহকাৰীক নাকী লগাবলৈ তৎপৰ কাৰ্বি আংলং আৰক্ষী। বুধবাৰে বোকাজানৰ ডিলাই আৰক্ষীয়ে স্থাপন কৰা এক নাকা তালাচীত এখন ট্ৰাকৰ পৰা জব্দ হয় ৬ কুইণ্টল গাঞ্জা । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 01 CC 8564 নম্বৰৰ এখন ট্ৰাকৰ পৰা গাঞ্জাখিনি জব্দ কৰে ডিলাই আৰক্ষীয়ে । চিংখেইনগাম্বা সিং নামৰ এটা সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে । জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১ কোটি ২০ লাখ হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । অধিক তথ্য লাভৰ বাবে সৰবৰাহকাৰীটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
কাৰ্বি আংলং আৰক্ষীয়ে বিগত কিছুদিন ধৰি নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে । আৰক্ষীৰ জালত পৰিছে বহুকেইটা সৰবৰাহকাৰী আৰু বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যও জব্দ কৰিছে আৰক্ষীয়ে । শেহতীয়াকৈ আৰক্ষীৰ এনে অভিযানতে পোহৰলৈ আহিছে মণিপুৰৰ পৰা অবৈধভাৱে ড্ৰাগছ সৰবৰাহৰ ভয়ংকৰ তথ্য । বুধবাৰে কাছাৰতো মণিপুৰৰ পৰা সৰবৰাহ কৰা নিচাযুক্ত টেবলেট জব্দ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী