ETV Bharat / state

বোকাজানত নিষিদ্ধ হেৰ'ইনসহ যুৱক গ্ৰেপ্তাৰ - A Youth arrested with a huge amount of heroi

ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষৰে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ পিছতো ৰাজ্যত সক্ৰিয় হৈ আছে একাংশ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ ৷ বৃহস্পতিবাৰে বোকাজানত আৰক্ষীৰ অভিযানত জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

উদ্ধাৰ হোৱা ধনখিনি
বোকাজানত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ'ইন সহ যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : Aug 5, 2021, 10:50 PM IST

ডিফু, 5 আগষ্ট : ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে একাংশ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী চক্ৰ ৷ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে অসম আৰক্ষীয়ে অব্যাহত ৰখা তীব্ৰ অভিযানৰ পাছতো গোপনে ব্যৱসায় চলাই গৈছে এইসমূহ চক্ৰই ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে দুপৰীয়া কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীৰ অভিযানত জালত পৰিছে এজন যুৱক ৷ আৰক্ষীৰ বিশেষ তালাচীত বুজন পৰিমাণৰ নিষিদ্ধ হেৰ'ইন আৰু নগদ ধনসহ আৰক্ষীৰ জালত পৰিছে যুৱকজন ৷ প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে দিনৰ প্ৰায় 1 বজাত আৰক্ষীৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত ইকৰাণীৰ মিথিলেশ গুপ্তা নামৰ যুৱকজনৰ ঘৰত তালাচী চলায় ৷

উক্ত তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত 18 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা হেৰ'ইনখিনি মিথিলেশ গুপ্তাৰ AS-০৯-AC-৯৫৭৯ নম্বৰৰ অট’ৰিক্সাখনৰ পিছফালে লুকুৱাই ৰখা হৈছিল ৷ জব্দ কৃত হেৰইন খিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

A Youth arrested with a huge amount of heroin at Bokajan
উদ্ধাৰ হোৱা ধনখিনি

লগতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে লগতে যুৱকজনৰ বাসগৃহৰ পৰা নগদ 1,78,000 টকাও উদ্ধাৰ কৰে ৷ বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা, উপ পৰিদৰ্শক হাওকাম চাংচন, সহকাৰী উপ পৰিদৰ্শক ৰাজীৱ আহমেদৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আৰক্ষীয়ে ইতিমধ্যে মিথিলেশ গুপ্তাকো গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ পাছতো বহু ঠাইত হৈ আছে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা ৷

লগতে পঢ়কঃ আন্দোলন নহয়, কৃষি বিপ্লৱেৰে উজ্বলিছে টিংখাঙৰ মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.