ETV Bharat / state

Assam University Diphu campus: অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ প্ৰতিষ্ঠা দিৱস পালন - 6th foundation day of Assam University Diphu Campus

সোমবাৰে অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ষষ্ঠ প্ৰতিষ্ঠা পালন কৰা হয় (6th foundation day of Assam University Diphu Campus)। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ১০০ খন বিচনাযুক্ত খৰছিং তেৰাং ছাত্ৰাবাসৰ শুভ উদ্বোধন কৰে । পাহাৰীয় জিলাখনৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ সম্পৰ্কে অনুষ্ঠানত ঘোষণা মুখ্য কাৰ্যবাহীৰ ।

Assam
অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Jul 19, 2022, 11:25 AM IST

ডিফু,১৯ জুলাই : অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস(6th foundation day of Assam University Diphu Campus) দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে পালন কৰা হয় । প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (Tuliram Ronghang at Assam University Diphu Campus)।

অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ প্ৰতিষ্ঠা দিৱস পালন

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছে পাহাৰীয়া জিলাখনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ যোগাত্মক প্ৰভাৱ পেলোৱা বুলি গৌৰৱ কৰে । পূৰ্বে আন স্থানলৈ গৈ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ সমস্যা হৈছিল যদিও ডিফুত এই শিক্ষা প্ৰতিষ্ঠান স্থাপন হোৱাৰ পিছৰে পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত জিলাখনৰ শিক্ষাৰ্থীসকলৰ বহু সুবিধা হৈছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তি অনুসৰি অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰে তুলিৰাম ৰংহাঙে ।

আনহাতে, বিশ্ববিদ্যালয়খনৰ বাবে পৰিষদৰ তৰফৰ পৰা পূৰ্বে ৪৫০ বিঘা মাটি প্ৰদান কৰা হৈছিল যদিও এতিয়া তিনি হাজাৰ বিঘা ভূমি বিশ্ববিদ্যালয়ৰ নামত আৱণ্টন দিয়াৰ বাবে পৰিষদে সিদ্ধান্ত লোৱা বুলি তেওঁ অৱগত কৰে । লগতে, পৰিষদীয় চৰকাৰখনে শিক্ষাক বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি পাহাৰীয়া জিলা দুখনত প্ৰতিষ্ঠা হ'বলগীয়া বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সম্পৰ্কেও বিস্তৃত ব্যাখ্যা আগবঢ়ায় ।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুখ্য কাৰ্যবাহীগৰাকীয়ে ১০০ খন বিচনাযুক্ত খৰছিং তেৰাং ছাত্ৰাবাসৰো শুভ উদ্বোধন কৰে । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ উপাচাৰ্য প্ৰফেছৰ শিৱাশিষ বিশ্বাসে আদৰণি ভাষণ দিয়াৰ লগতে প্ৰতিষ্ঠা দিৱসৰ ভাষণ আগবঢ়ায় অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টে । পদ্মশ্ৰী বঁটাপ্ৰাপক সাহিত্যিক ধনেশ্বৰ ইংতি আৰু কাৰ্বি ভাষা উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ লংছিং টেৰণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী পৰিষদীয় সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক :UNICEF initiative : শিশু কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ বাবে ইউনিচেফৰ নতুন উদ্যোগ 'ইউ ৰিপ'ৰ্ট'

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.