ETV Bharat / state

ডিফু মানজা-ধনশিৰিত একেদিনাই ৩৬ গৰাকীৰ দেহত ক'ভিড পজিটিভ - ডিফু

কৰ'ণাৰ হট স্পটলৈ পৰিণত কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ ৰে'ল কলনিৰ লগতে শিলনিৰ আৰ আই বি এন বেটেলিয়ন কেম্প ৷

36 new COVID-19 Positive Case At Diphu
ডিফু মানজা-ধনশিৰিত একেদিনাই ৩৬ গৰাকীৰ দেহত ক'ভিড পজিটিভ
author img

By

Published : Jul 28, 2020, 8:33 PM IST

ডিফু, ২৮ জুলাইঃ ডিফুত কৰ'ণাই গণ সংক্ৰমণৰ ৰূপ লৈছে । ডিফু ৰে'ল ষ্টেচন কলনি এতিয়াা হৈ পৰিছে ক'ভিড হট স্পট । জিলা স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি ডিফু ৰে'ল ষ্টেচন কলনিত ১৯ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । এই তথ্য পোহৰলৈ অহাৰ লগে লগে ঘন জন বসতিপূর্ণ এলেকাটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আনহাতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ পৰিমিতা ৰয় আৰু নার্ছ কপালী বড়োৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে। ডিফু সদৰ থানাত নিয়োজিত পঞ্চম আৰক্ষী বেটেলিয়ন আব্দুল মজিদ নামৰ জোৱান জনৰ দেহতো আজি ক'ভিড পজিটিভ ধৰা পৰে। একেদৰে অসম নাগালেণ্ড সীমান্তৰ ৰঙাপাহাৰ বিঅ পিৰ চাৰি গৰাকী জোৱান কৰ'ণাত আক্ৰান্ত হৈছে । তেওঁলাক ক্ৰমে বসন্ত দাউলা গুপু,বিদ্যাছিং তিমুঙ চিত্ত কলিতা আৰু নিশিকান্ত বসুমতাৰী। মানজাৰ শিলনীত অৱস্থিত ২৩ আই আৰ বি এনৰ জোৱান গোবিন্দ বসুমতাৰী,পুলক নাথ আৰু সুপেন্দ্র বাজবংশী ও কৰ'ণাত আক্ৰান্ত হৈছে। ইপিনে,ডিফুৰ ধৰমনলাত দুগৰাকী লাকৰ দেহতো কৰ'ণা পজিটিভ বুলি ধৰা পৰিছে।

উল্লেখ্য যে ৰাজ্যৰ আন প্ৰান্তৰ তুলনাত কাৰ্বি আংলং জিলা সদৰ ডিফুত ক'ভিড পৰীক্ষা যথেষ্ট কম হোৱা পৰিলক্ষিত হেছে । শনিবাৰ আৰু দেওবাৰ যদিও চহৰখনত লক ডাউন সম্পূর্ণ ৰূপে মানি চলা হয় যদিও সপ্তাহটোৰ আন পাঁচটা দিন ডিফু চহৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূর্ণ উলংঘা কৰা পৰিলক্ষিত হয়। বিশেষকে ডিফু বজাৰত আৰক্ষীয়ে গিজগিজাই থাকে যদিও ব্যস্ততাপূর্ণ চহৰখনত দোকানে দোকানে গ্ৰাহক সকলে কোনো সামাজিক দূৰত্ব নমনাকৈ ভিৰ কৰা পৰিলক্ষিত হয়। সময় থাকোতেই যদি চহৰখনত কৰ'ণা প্ৰতিৰোধ কৰিব নোৱাৰে,তেনেহ'লে আগন্তুক দিনত চহৰখনলৈ ভয়াৱহ দিন অহাটো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক- হাফলংত কোভিড 19 ত আক্ৰান্ত এগৰাকী চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.